ASSAM | Strict measures to prevent irregularities in online drug sales and wholesale trade : অনলাইন ঔষধ বিক্ৰী আৰু পাইকাৰী ব্যৱসায়ত অনিয়ম ৰোধলৈ কঠোৰ ব্যৱস্থা

অনলাইন ঔষধ বিক্ৰী আৰু পাইকাৰী ব্যৱসায়ত অনিয়ম ৰোধলৈ কঠোৰ ব্যৱস্থা

গুৱাহাটী, ২৩ জুলাই:  অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত ৰাজ্যত অনলাইন প্লেটফৰ্মৰ জৰিয়তে ঔষধ বিক্ৰী আৰু পাইকাৰী ঔষধ ব্যৱসায়ত সংঘটিত হ’ব পৰা অনিয়ম ৰোধৰ লক্ষ্যৰে একাধিক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত ঔষধ বিক্ৰীৰ ক্ষেত্ৰত স্বচ্ছতা, জবাবদিহিতা আৰু প্ৰচলিত আইন কঠোৰভাৱে পালন নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

সভাত ৰাজ্যত অনলাইন প্লেটফৰ্মৰ জৰিয়তে ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহে প্ৰচলিত আইন আৰু নিৰ্ধাৰিত নিয়মাৱলী অনুসৰি বৈধভাৱে ব্যৱসায় চলাই আছে নে নাই, সেই বিষয়ত বিস্তৃত পৰ্যালোচনা কৰা হয়। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগক ৰাজ্যজুৰি এক বিশদ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হয়। অনুমতি অবিহনে বা নিয়ম উলংঘা কৰি ঔষধ বিক্ৰী চলাই থকা প্লেটফৰ্মসমূহৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বিষয়েও সভাত আলোচনা কৰা হয়।

পাইকাৰী ঔষধ বিক্ৰীৰ অনুজ্ঞাপত্ৰ (Wholesale Licence) লাভ কৰি খুচুৰা ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰিবলৈ ড্ৰাগ কণ্ট্ৰ’ল বিভাগক নিৰ্দেশ দিয়া হয়। ইয়াৰ বাবে বিগত এক বছৰৰ ক্ৰয় আৰু বিক্ৰীৰ সকলো নথি সংগ্ৰহ কৰি জিলা ভিত্তিত পৰীক্ষা চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদন্তত কোনো ধৰণৰ অনিয়ম ধৰা পৰিলে সংশ্লিষ্ট অনুজ্ঞাপত্ৰধাৰীৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ASSAM | Strict measures to prevent irregularities in online drug sales and wholesale trade : অনলাইন ঔষধ বিক্ৰী আৰু পাইকাৰী ব্যৱসায়ত অনিয়ম ৰোধলৈ কঠোৰ ব্যৱস্থা
সভাত লগতে দীৰ্ঘদিন ধৰি ব্যৱসায় নচলোৱা অথবা নিয়ম উলংঘা কৰা পাইকাৰী ঔষধ বিক্ৰেতাসকলৰ অনুজ্ঞাপত্ৰ পুনৰীক্ষণ কৰি প্ৰয়োজন সাপেক্ষে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঔষধৰ উৎস সম্পৰ্কীয় নথিপত্ৰ কঠোৰভাৱে পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। কোনো ঔষধৰ উৎস সন্দেহজনক বুলি প্ৰতীয়মান হ’লে বা প্ৰয়োজনীয় তথ্য দাখিল কৰিব নোৱাৰিলে বিষয়টো তাৎক্ষণিকভাৱে অনুসন্ধানৰ আওতালৈ অনা হ’ব।

বিভিন্ন জিলাৰ মাজত তথ্যৰ আদান-প্ৰদান আৰু তাৎক্ষণিক সমন্বয় অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে ডিজিটেল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰতো সভাত গুৰুত্ব আৰোপ কৰা হয়। গৃহীত সিদ্ধান্তসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হয়।

মন্ত্ৰী অশোক সিংহলে জনসাধাৰণলৈ সুৰক্ষিত, গুণগত মানসম্পন্ন আৰু বৈধ ঔষধৰ যোগান নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ প্ৰদান নিশ্চিত কৰিবলৈ আহ্বান জনাই। বিক্ৰী আৰু বিতৰণ ব্যৱস্থাত কোনো ধৰণৰ অনিয়ম, অবৈধ ব্যৱসায় বা আইন উলংঘন কোনো পৰিস্থিতিতেই সহ্য কৰা নহ’ব বুলি তেওঁ স্পষ্ট কৰে। সংশ্লিষ্ট সকলো বিভাগক নিয়মিত পৰিদৰ্শন, কঠোৰ নিৰীক্ষণ আৰু আইনসন্মত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ঔষধ ব্যৱস্থাপনাক অধিক স্বচ্ছ আৰু জবাবদিহিমূলক কৰি তোলাৰ আহ্বান জনায়।

সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান , অসমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছ, এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ড° অভিজিৎ শৰ্মা, অসমৰ ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰ, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকলৰ লগতে Chemists and Druggists Association of Assam-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.