ASSAM | NEET-UG question paper leak: Supreme Court directs Centre, To filed affidavit : NEET-UG প্ৰশ্নকাকত ফাদিলঃ কেন্দ্ৰ, NTA-ক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

NEET-UG প্ৰশ্নকাকত ফাদিলঃ কেন্দ্ৰ, NTA-ক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক: NEET-UG প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছত পৰীক্ষা ব্যৱস্থাত গ্ৰহণ কৰা সংস্কাৰৰ অগ্ৰগতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু নেচনেল টেষ্টিং এজেন্সী (NTA)-ক বিস্তৃত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ পি. এছ. নৰসিংহ আৰু অলোক আৰাধেৰ বিচাৰপীঠে কয় যে, সংস্কাৰসমূহ কেৱল সাময়িক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰি স্থায়ী আৰু প্ৰতিষ্ঠানগতভাৱে ৰূপায়ণ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ শপতনামাত স্পষ্টভাৱে উল্লেখ কৰিব লাগিব।

আদালতে বিশেষজ্ঞ-নেতৃত্বাধীন গোট, বিভিন্ন অংশীদাৰৰ মনোনয়ন আৰু উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ডিজিটেল আন্তঃগাঁথনি, সুৰক্ষা, গৱেষণা আৰু উন্নয়ন, স্বচ্ছতা, প্ৰশাসন আৰু মানৱ সম্পদকে ধৰি দহটা ক্ষেত্ৰত দিয়া পৰামৰ্শসমূহ কিদৰে কাৰ্যকৰী কৰা হৈছে, তাৰো বিৱৰণ বিচাৰিছে। ইয়াৰ উপৰিও, সুৰক্ষা, নিৰীক্ষণ আৰু সতৰ্কতাৰ বাবে নিযুক্ত নতুন অতিৰিক্ত সঞ্চালক প্ৰধানসকলৰ ভূমিকা আৰু কামৰ অগ্ৰগতিও ব্যাখ্যা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়া হৈছে।

ASSAM | NEET-UG question paper leak: Supreme Court directs Centre, To filed affidavit : NEET-UG প্ৰশ্নকাকত ফাদিলঃ কেন্দ্ৰ, NTA-ক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
পৰীক্ষাৰ পূৰ্বে, পৰীক্ষা চলি থকা সময়ত আৰু পৰীক্ষাৰ পিছত গ্ৰহণ কৰা সংস্কাৰৰ প্ৰতিবেদনো আদালতে বিচাৰিছে। লগতে ৰাজ্য আৰু জিলা প্ৰশাসনৰ সৈতে সমন্বয়, একাধিক পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা, পৰীক্ষা কেন্দ্ৰ, প্ৰশ্নকাকত প্ৰস্তুতি, মুদ্ৰণ আৰু পৰিবহণ ব্যৱস্থাৰ অগ্ৰগতিও শপতনামাত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। কম্পিউটাৰ-ভিত্তিক পৰীক্ষা (CBT) ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰস্তাৱ আৰু তথ্য সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিৱৰণো আদালতে বিচাৰিছে।

ন্যায়াধীশ পি. এছ. নৰসিংহই মন্তব্য কৰে যে, প্ৰশ্নকাকত সুৰক্ষিতভাৱে পৰিবহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ সহায় লোৱাটো কেৱল সাময়িক ব্যৱস্থা, ইয়াক স্থায়ী সমাধান হিচাপে গণ্য কৰিব নোৱাৰি। প্ৰাৰ্থীসকলৰ পৰিচয় নিশ্চিতকৰণৰ বাবে DigiYatraৰ দৰে প্ৰযুক্তি ব্যৱহাৰৰ প্ৰস্তাৱৰ বিষয়েও কেন্দ্ৰক শপতনামাত উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

কেন্দ্ৰৰ পূৰ্বৰ শপতনামাত এই বিষয়সমূহৰ সন্তোষজনক উত্তৰ নথকাৰ কথা উল্লেখ কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ নতুন শপতনামা দাখিলৰ আশ্বাস আদালতে গ্ৰহণ কৰে। গোৰচৰটোৰ পৰৱৰ্তী শুনানি অহা সোমবাৰে অনুষ্ঠিত হ’ব। এই সময়ছোৱাত সংস্কাৰসমূহৰ ৰূপায়ণ আদালতে নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিব বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.