ASSAM | Government-CJP meeting in neutral venue : নিৰপেক্ষ স্থানত চৰকাৰ–চিজেপিৰ বৈঠক

নিৰপেক্ষ স্থানত চৰকাৰ–চিজেপিৰ বৈঠক

নতুন দিল্লী, ২৪ জুলাইঃ  কেন্দ্ৰীয় চৰকাৰ আৰু ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ মাজত শুকুৰবাৰে নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাব অৱ ইণ্ডিয়াত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। চিজেপিয়ে বৈঠকখন কোনো চৰকাৰী কাৰ্যালয়ত নহয়, বৰং এক নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল। চৰকাৰে সেই দাবীত সন্মতি প্ৰকাশ কৰাৰ পিছতেই কনষ্টিটিউশ্যন ক্লাবত এই আলোচনা অনুষ্ঠিত হয়।

বৈঠকত বিভিন্ন ৰাজনৈতিক আৰু জনস্বাৰ্থজড়িত বিষয়ৰ ওপৰত আলোচনা হয় বুলি জানিব পৰা গৈছে। বৈঠকৰ অন্তত দুয়োপক্ষই আলোচনা অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইফালে, দেশজুৰি পৰীক্ষাৰ অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ চিজেপিয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। দলটোৱে কয় যে, এই ঘটনাসমূহৰ বিৰুদ্ধে চৰকাৰে ল’ব পৰা সৰ্বাধিক কঠোৰ ব্যৱস্থা হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদৰ পৰা অপসাৰণ কৰা।

ASSAM |  Government-CJP meeting in neutral venue : নিৰপেক্ষ স্থানত চৰকাৰ–চিজেপিৰ বৈঠক
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ঘোষণা কৰিছিল যে, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা সন্নিৱিষ্ট কৰি এখন নতুন বিধেয়ক সংসদত উত্থাপন কৰা হ’ব। এই ঘোষণাৰ পিছতেই চিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কেৱল নতুন আইন আনিলেই যথেষ্ট নহয়। ইয়াৰ উপৰিও দায়িত্ব নিৰ্ধাৰণ কৰি জবাবদিহিতা নিশ্চিত কৰিব লাগিব। সেই উদ্দেশ্যেই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে দলটোৱে।

চিজেপিৰ মতে, পৰীক্ষা ব্যৱস্থাত সংঘটিত অনিয়মৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ বিপদাপন্ন হৈছে। সেয়েহে চৰকাৰে কেৱল আইন প্ৰণয়নতেই সীমাবদ্ধ নাথাকি, দায়ী ব্যক্তিসকলৰ বিৰুদ্ধেও দৃঢ় পদক্ষেপ গ্ৰহণ কৰা উচিত। আলোচনাৰ পিছতো চিজেপিয়ে আন্দোলন অব্যাহত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.