গুৱাহাটী: NEET পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু বিভিন্ন পৰীক্ষাত অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি প্ৰায় এমাহ ধৰি চলি থকা ব্যাপক ছাত্ৰ আন্দোলনৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শনিবাৰে পদত্যাগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। চিজেপিৰে তৃতীয় লানি আলোচনা অনুষ্ঠিত হোৱাৰ কেইঘণ্টামান পূৰ্বে সামাজিক মাধ্যম X-ত এই ঘোষণা কৰে।
দিল্লীৰ যন্তৰ মন্তৰত এমাহ ধৰি ধৰ্ণাত বহি থকা আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ মুখ্য দাবী আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। এই দাবীক কেন্দ্ৰ কৰি চৰকাৰ আৰু চিজেপিৰ মাজত হোৱা আলোচনা অচলাৱস্থাত পৰিছিল।
আন্দোলনকাৰী সকলৰ মুখ্য দাবীসমূহ আছিল—
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ।
আন্দোলনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰা।
NEET প্ৰশ্ন কাকত ফাদিলৰ পিছত আত্মহনন কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা।

পদত্যাগ ঘোষণা কৰি X-ত শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে দেশৰ যুৱ সমাজৰ আশা-আকাংক্ষা আৰু ন্যায্য প্ৰত্যাশাৰ প্ৰতি তেওঁৰ গভীৰ সন্মান আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ সেৱাৰ সুযোগ লাভ কৰাৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ লগতে কয় যে দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ যাতে আইনী জটিলতাত নপৰে, তেওঁলোকে যাতে অধ্যয়ন আৰু কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰিব পাৰে আৰু দেশৰ ঐক্য অটুট থাকে, সেই কথা বিবেচনা কৰিয়েই তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰ পোৱাৰ লগে লগে যন্তৰ মন্তৰত থকা আন্দোলনস্থলীত উল্লাসৰ সৃষ্টি হয়। চিজেপিৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “Long Live Student Power.”
চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আন্দোলনস্থলীৰ মঞ্চৰ পৰা কয়- “বহুতে কৈছিল এই চৰকাৰত কোনো মন্ত্ৰীয়ে পদত্যাগ নকৰে। কিন্তু আজি আমি সেই কথা ভুল প্ৰমাণ কৰিলোঁ।”
উল্লেখ্য, NEET প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই ছাত্ৰ আন্দোলন ইতিমধ্যে দেশৰ বহু চহৰলৈ বিয়পি পৰিছে আৰু ই এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় হিচাপে পৰিগণিত হৈছে। বিৰোধী দলসমূহেও আন্দোলনৰ প্ৰতি সমৰ্থন জনাই চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে। এনেবোৰৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।