ASSAM | Rashtriya Swayamsevak Sangh and Seva Bharati conduct relief and rescue operation among flood victims : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু সেৱা ভাৰতীয়ে উজনিৰ বানপীড়িতৰ মাজত সাহায্য আৰু উদ্ধাৰ অভিযান 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু সেৱা ভাৰতীয়ে উজনিৰ বানপীড়িতৰ মাজত সাহায্য আৰু উদ্ধাৰ অভিযান

গুৱাহাটী, ২৬ জুলাই, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ.এছ.এছ.)-ৰ স্বয়ংসেৱক আৰু সেৱা ভাৰতীৰ কাৰ্যকৰ্তা সকলে উজনি অসমৰ ভয়াবহ বানপানীত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ বিভিন্ প্ৰকাৰে উদ্ধাৰ আৰু সাহাৰ্য কাৰ্যসূচী অব্যাহত ৰাখিছে। বানপানীত আক্ৰান্ত শিৱসাগৰ আৰু যোৰহাট জিলাৰ হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰাৰ লগতে খাদ্য, বিশুদ্ধ খোৱাপানী, নিৰাপদ আশ্ৰয় আৰু জৰুৰী চিকিৎসা সেৱাৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে।

এনে এক দুৰ্যোগপূৰ্ণ মুহূৰ্তত স্বয়ংসেৱকসকলে নিৰৱচ্ছিন্নভাৱে আক্ৰান্ত অঞ্চলসমূহত সেৱা আগবঢ়াই আহিছে। শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলৰ কাকতি গাঁও, ডি-গাঁও, ২ নং কোঁৱৰ গাঁও আৰু চেতিয়া কৈৱৰ্ত গাঁৱত স্বয়ংসেৱকসকলে এক ব্যাপক উদ্ধাৰ অভিযান চলাই ২০০ ৰো অধিক লোকক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থান আৰু সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰে। সুন্দৰ পুখুৰী, বামুণ পুখুৰী, গেলেকী আৰু ৰাজাবাৰী আদি জলমগ্ন অঞ্চলসমূহত সৰু নাৱৰ সহায়ত আৱদ্ধ পৰিয়ালসমূহৰ ওচৰ পাই ৰন্ধা খাদ্য, বিশুদ্ধ খোৱাপানী, জীৱনদায়িনী ঔষধ, বস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে।

ASSAM | Rashtriya Swayamsevak Sangh and Seva Bharati conduct relief and rescue operation among flood victims : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু সেৱা ভাৰতীয়ে উজনিৰ বানপীড়িতৰ মাজত সাহায্য আৰু উদ্ধাৰ অভিযান 
আনহাতে ,যোৰহাট জিলাৰ এলেংমৰা, কাতিৰাম চুক, কুলাই চুক, নালিয়া চুক, শেনচোৱা চুক আৰু চাৰিঘৰীয়া চুকতো এই সাহায্য অভিযান ক্ষিপ্ৰতাৰে চলি আছে। বন্যাপীড়িত পৰিয়াল সমূহৰ মাজত আগবঢ়োৱা প্ৰধান সাহায্য সামগ্ৰীসমূহ হ’ল: ত্ৰিপাল, মমবাতি আৰু ম’হ খেদোৱা কয়েল , শুকান খাদ্য, বিস্কুট আৰু বিশুদ্ধ খোৱাপানী , চাবোন, ফিটকিৰি আৰু প্ৰয়োজনীয় ঔষধ-পাতি। স্বয়ংসেৱক সকলে সৰু নাৱেৰে জলমগ্ন ঘৰসমূহত খাদ্য-পানী যোগান ধৰাৰ উপৰিও বৃদ্ধ, মহিলা, শিশু আৰু অসুস্থ লোকসকলক নিৰাপদ স্থানলৈ আনি জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু সেৱা ভাৰতীৰ এই মানৱীয় সেৱা অভিযানে সংঘৰ সেই চিৰন্তন পৰম্পৰাকেই প্ৰতিফলিত কৰিছে, যাৰ বাবে আৰ.এছ.এছ.-ক “Ready for Selfless Service” (নিস্বাৰ্থ সেৱাৰ বাবে সদায় সাজু) বুলি অভিহিত কৰা হয়। “নৰ সেৱাই নাৰায়ণ সেৱা”—এই মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বয়ংসেৱক আৰু সেৱা ভাৰতীৰ কাৰ্যকৰ্তাসকলে এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আক্ৰান্ত লোকসকলৰ কাষত দৃঢ়ভাৱে থিয় দি আশা, সাহস আৰু সম্বল আগবঢ়াই আহিছে।

You might also like
Leave A Reply

Your email address will not be published.