ASSAM | Doctor arrested for taking bribe suspended : উৎকোচ লৈ গ্ৰপ্তাৰ হোৱা চিকিৎসকক চাকৰিৰ পৰা নিলম্বন

উৎকোচ লৈ গ্ৰপ্তাৰ হোৱা চিকিৎসকক চাকৰিৰ পৰা নিলম্বন

নগাঁও, ২৭ জুলাইঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনচিক মেডিচিন আৰু টক্সিক’ল’জি বিভাগৰ অধ্যাপক ডাঃ মনোজ কুমাৰ সিনহাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ২০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে।

নিলম্বনকালীন সময়ত ডাঃ সিনহাই নগাঁও ত্যাগ কৰিব নোৱাৰিব। কোনো বিশেষ প্ৰয়োজনত জিলাৰ বাহিৰলৈ যাবলগীয়া হ’লে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ পূৰ্বানুমতি ল’ব লাগিব বুলি নিৰ্দেশত উল্লেখ কৰা হৈছে।

ASSAM | Doctor arrested for taking bribe suspended : উৎকোচ লৈ গ্ৰপ্তাৰ হোৱা চিকিৎসকক চাকৰিৰ পৰা নিলম্বন
উল্লেখ্য যে, যোৱা ২০ জুনত মৰণোত্তৰ পৰীক্ষাৰ বাবে উৎকোচ লোৱাৰ অভিযোগত ডাঃ মনোজ কুমাৰ সিনহাক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ অনুসৰি, নিজৰ একমাত্ৰ সন্তানক হেৰুৱাই শোকাহত এজন পিতৃৰ পৰা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বিনিময়ত উৎকোচ লৈছিল।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ তৎপৰতাত আৰক্ষীয়ে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে গ্ৰেপ্তাৰৰ প্ৰায় এসপ্তাহ পিছতে তেওঁ আদালতৰ পৰা জামিন লাভ কৰে আৰু পুনৰ চাকৰিত যোগদানৰ বাবে তৎপৰতা চলাই আছিল।

ইয়াৰ মাজতে ২৭ জুলাইত জাৰি হোৱা নিলম্বনৰ নিৰ্দেশে ঘটনাটোক নতুন মোৰ দিয়ে। এতিয়ালৈকে চলি থকা তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ডাঃ মনোজ কুমাৰ সিনহা নিলম্বিত অৱস্থাতেই থাকিব।

You might also like
Leave A Reply

Your email address will not be published.