গুৱাহাটীঃ অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সাংসদসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাজ্যখনৰ বৰ্তমানৰ বান পৰিস্থিতি, ক্ষয়-ক্ষতি আৰু উদ্ধাৰ–সাহায্য কাৰ্যৰ অগ্ৰগতি সম্পৰ্কে বিশদ আলোচনা কৰে।
বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাস্তৱ পৰিস্থিতি প্ৰধানমন্ত্ৰীৰ আগত দাঙি ধৰে। তেওঁলোকৰ পৰা বানৰ সামগ্ৰিক অৱস্থাৰ বুজ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসমক সকলো ধৰণৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।
এই বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত অসমৰ সাংসদৰ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি বান পৰিস্থিতিৰ ওপৰত বিশদ পৰ্যালোচনা কৰে।
উল্লেখ্য যে, অসমৰ ভয়াবহ বানত বৰ্তমানলৈকে ৬৮ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰি, এতিয়াও ৮ গৰাকী লোক সন্ধানহীন হৈ আছে। ৰাজ্যৰ বহু অঞ্চলত বানৰ প্ৰভাৱ অব্যাহত থকাৰ মাজতে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰে বানপীড়িত লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি বৈঠকত আশা প্ৰকাশ কৰা হয়।