ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ নেপালত সংঘটিত ঘটনাৰ পিছতে অসমৰ কেইবাজনো লোকৰ সন্ধান নোপোৱাৰ খবৰে ৰাজ্যজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। লাভ কৰা তথ্য অনুসৰি, অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ১১জন লোক বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। আনহাতে, সন্ধানহীন হৈ থকা অসমৰ পাঁচজন লোকৰ সন্ধান লাভ কৰা হৈছে বুলি জানিব পৰা গৈছে।
সন্ধানহীন লোকসকলৰ ভিতৰত কাৰ্বি আংলং জিলাৰ দৈদকৰ তিনিজন লোক—ঋতুপৰ্ণ ব্ৰহ্ম, মন্ত্ৰী বসুমতাৰী আৰু সোণেশ্বৰ নাৰ্জাৰী আছে। একেদৰে গোলাঘাট জিলাৰ মেৰাপানীৰ ৰাহুল দৈমাৰী আৰু হোজাই জিলাৰ ডবকাৰ শতদল নাথৰো বৰ্তমানলৈকে কোনো সন্ধান লাভ হোৱা নাই।
গুৱাহাটীৰ পৰাও দুজন লোক সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে। তেওঁলোক হৈছে ৰুক্মিণীগাঁৱৰ পংকজ নেওগ আৰু লংকেশ্বৰৰ ড০ দিপালী সৰকাৰ। একে অঞ্চলৰ মানস কুমাৰ ঘোষৰো সন্ধান বৰ্তমানলৈকে লাভ হোৱা নাই।
ইফালে, নলবাৰী জিলাৰ অৰৰাৰ অৰুণ মহন্ত আৰু নলবাৰী মেডিকেল কলেজৰ ডাঃ তীৰ্থ চলিহাও সন্ধানহীন হৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ নৰ্থ ৰংখাং গাঁৱৰ বীৰচন চাংমাৰো এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই।
ইয়াৰ মাজতে কিছু স্বস্তিৰ খবৰ হিচাপে নেপালত সন্ধানহীন হৈ থকা অসমৰ আন পাঁচজন লোকৰ সন্ধান লাভ কৰা হৈছে। সন্ধান লাভ কৰা লোকসকলৰ ভিতৰত নলবাৰী জিলাৰ অৰৰাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাতগাঁৱৰ শিৱ মাৰাক, ৰেংথামাৰ শৰ্বিচন মাৰাক আৰু ভেলাপাৰাৰ ইলিপচন চাংমাৰো সন্ধান লাভ কৰা হৈছে।
সন্ধানহীন লোকসকলৰ পৰিয়ালৰ মাজত এই ঘটনাক কেন্দ্ৰ কৰি গভীৰ উদ্বেগ আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকসকলে তেওঁলোকৰ আত্মীয়সকলৰ সঠিক অৱস্থান আৰু নিৰাপত্তাৰ বিষয়ে জানিবলৈ অপেক্ষা কৰি আছে।
সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিভিন্ন পক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ লগতে সন্ধানহীন লোকসকলৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলি আছে। পৰৱৰ্তী সময়ত আৰু কোনো লোকৰ সন্ধান লাভ কৰে নেকি, সেই বিষয়ে পৰিয়ালসমূহে আশাৰে বাট চাই আছে।
