গুৱাহাটী ২৯ আগষ্টঃ নাগালেণ্ডত বতৰৰ ব্যাপক পৰিৱৰ্তনৰ পাছতে চৰাইদেউ জিলাত পুনৰ বানৰ সতৰ্কতা জাৰি কৰিছে জিলা প্ৰশাসনে। আগন্তুক কেইটামান দিনত নাগালেণ্ডত মুষলধাৰ বৰষুণৰ আগজাননী অহাৰ পৰিপ্ৰেক্ষিতত জিলাখনত সাৱধানতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে।

লগতে বান বা জৰুৰী পৰিস্থিতিত ৰাইজে যোগাযোগ কৰিব পৰাকৈ দুটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। বান সম্পৰ্কীয় যিকোনো জৰুৰী সহায়ৰ বাবে ৰাইজে 6002670501 আৰু 1077 নম্বৰত যোগাযোগ কৰিব পাৰিব। প্ৰশাসনে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আৰু নৈ-নিজৰা তথা বানপ্ৰৱণ অঞ্চলৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।