সোণাপুৰ: সোণাপুৰৰ মৰকদলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। অস্ত্ৰধাৰী গাড়ীচোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে আৰক্ষী আৰু গাড়ীচোৰৰ দলটোৰ মাজত গুলীয়াগুলী লাগে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযানকাৰী আৰক্ষীলৈ লক্ষ্য কৰি গাড়ীচোৰৰ দলটোৱে প্ৰথমে গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত সোণাপুৰ আৰক্ষীয়েও গুলীচালনা কৰে। আৰক্ষীৰ গুলীত দুই কুখ্যাত গাড়ীচোৰ নিহত হয়।
নিহত দুজনক চাইদুল আলম লস্কৰ আৰু বাবুল সিং বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, মোবাইল ফোন আৰু কেইবাবিধো আপত্তিজনক সামগ্ৰী জব্দ কৰে।
জানিব পৰা মতে, এই গাড়ীচোৰৰ দলটো পাণবজাৰ থানাৰ সমীপৰ পৰা বাহন চুৰিৰ সৈতে জড়িত আছিল। অস্ত্ৰধাৰী গাড়ীচোৰৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপেই আৰক্ষীয়ে মৰকদলাত অভিযান চলাইছিল।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে গাড়ীচুৰিৰ চক্ৰটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।