Assam| Brahmaputra: ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ! ১১,৯৮২ কোটি টকাৰ নিবিদা আহ্বান

Brahmaputra

গুৱাহাটী, ২ ছেপ্টেম্বৰ: অসমৰ যোগাযোগ ব্যৱস্থাত সংযোজিত হ’ব এক যুগান্তকাৰী অধ্যায়। ব্ৰহ্মপুত্ৰ নদীৰ তলেদি নিৰ্মাণ হ’বলগীয়া পথ-ৰে’ল সংযুক্ত আণ্ডাৰৱাটাৰ টানেল প্ৰকল্পই লাভ কৰিছে গুৰুত্বপূৰ্ণ অগ্ৰগতি। প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে ১১,৯৮২.৩৬ কোটি টকাৰ নিবিদা আহ্বান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে।

যোৱা ৩১ আগষ্টত নিবিদা প্ৰকাশ কৰা হৈছে আৰু নিবিদা দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ। Engineering, Procurement and Construction (EPC) পদ্ধতিৰে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ তলেদি নিৰ্মাণ হ’বলগীয়া সুৰংগটো গহপুৰ-নুমলীগড় কৰিড’ৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। সমগ্ৰ গহপুৰ-নুমলীগড় কৰিড’ৰটোৰ দৈৰ্ঘ্য প্ৰায় ৩৩.৭ কিলোমিটাৰ আৰু ই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰক ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ সৈতে সংযোগ কৰিব।

ইয়াৰে ব্ৰহ্মপুত্ৰৰ তলেদি যোৱা অংশটোৰ দৈৰ্ঘ্য প্ৰায় ১৫.৭৯ কিলোমিটাৰ। দুটা পৃথক টিউবৰে নিৰ্মাণ হ’ব এই আণ্ডাৰৱাটাৰ সুৰংগ। প্ৰতিটো টিউবত দুটা পথৰ লেন থাকিব। ইয়াৰে এটা টিউবত পথৰ লগতে ৰে’ল আন্তঃগাঁথনিও থাকিব।

সুৰংগ নিৰ্মাণৰ বাবে অত্যাধুনিক Tunnel Boring Machine (TBM) প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ইয়াৰ উপৰি দুয়োফালে সংযোগী পথ নিৰ্মাণৰ ব্যৱস্থাও থাকিব।

গহপুৰ-নুমলীগড় কৰিড’ৰ প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় প্ৰায় ১৮,৬৬২ কোটি টকা বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় কেবিনেটে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এই বৃহৎ প্ৰকল্পত অনুমোদন জনাইছিল।

প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত যোগাযোগ ব্যৱস্থা অধিক ক্ষিপ্ৰ আৰু সুচল হৈ পৰিব।

বৰ্তমান গহপুৰৰ পৰা নুমলীগড়লৈ দূৰত্ব প্ৰায় ২৪০ কিলোমিটাৰ আৰু যাত্ৰাত প্ৰায় ছয় ঘণ্টা সময় লাগে। নতুন কৰিড’ৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে এই দূৰত্ব আৰু যাত্ৰাৰ সময় দুয়ো হ্ৰাস পাব বুলি আশা কৰা হৈছে।

এই প্ৰকল্পৰ বিশেষত্ব হৈছে পথ আৰু ৰে’ল যোগাযোগৰ লগতে বিভিন্ন পৰিবহণ ব্যৱস্থাৰ মাজত সংযোগ স্থাপন। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা বৰ্তমানৰ পথ আৰু ৰে’ল নেটৱৰ্কৰ সৈতে নতুন কৰিড’ৰটো সংযুক্ত কৰা হ’ব।

গহপুৰৰ দিশত কৰিড’ৰটোৱে ৰঙিয়া-মুকংচেলেক ৰে’লপথৰ সৈতে সংযোগ স্থাপন কৰিব। আনহাতে নুমলীগড়ৰ দিশত ফুৰকাটিং-মৰিয়নী লুপ লাইনৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ ফলত ৰে’ল ষ্টেচন, বিমানবন্দৰ আৰু অভ্যন্তৰীণ জলপথৰ টাৰ্মিনেলসমূহলৈও যোগাযোগ অধিক সুচল হ’ব।

১১,৯৮২ কোটি টকাৰ নিবিদা আহ্বানৰ লগে লগে বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ আণ্ডাৰৱাটাৰ টানেল প্ৰকল্পই এতিয়া ৰূপায়ণৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ আগবঢ়ালে।

You might also like
Leave A Reply

Your email address will not be published.