Assam| Dr. Bhupen Hazarika: জালুকবাৰীৰ সমন্বয় তীৰ্থত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান

Dr. Bhupen Hazarika

গুৱাহাটী, ২ ছেপ্টেম্বৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে অহা ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা বিভিন্ন কাৰ্য্যসূচীৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াই আজি জালুকবাৰী ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তী,যুটীয়া সচিব প্ৰশান্ত বৰুৱা, সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা মহেন্দ্ৰ দাস,কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ আৰ চি ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উৎপল শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বিষয় ববীয়া আদিৰ উপস্থিতিত ৮ ছেপ্টেম্বৰত অনুষ্ঠিতব্য সাংস্কৃতিক অনুষ্ঠান সমূহৰ বিষয়ে আলোচনা কৰে।

উল্লেখযোগ্য যে সমন্বয় তীৰ্থত সুধাকণ্ঠৰ জন্ম দিৱসৰ কাৰ্যসূচিত এশ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ‘বিস্তীৰ্ণ পাৰৰে.. ‘ শীৰ্ষক গীতটি। সেই অনুষ্ঠানতে বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ জীৱন পৰিক্ৰমাৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰ এখনো প্ৰদৰ্শিত হ’ব। মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাই শ্রী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰিব লগা ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্হাপন কাৰ্য্যও সমন্বয় তীৰ্থৰ পৰাই কৰিব। অনুষ্ঠানত মুকলি সভাৰ পিছতে সাংস্কৃতিক সঞ্চালকালয়ে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ ব্যৱস্থা কৰিছে।

একেদিনাই শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ১০০খন পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশনৰ ব্যৱস্থা কৰিছে। জালুকবাৰীত সিদিনা গুৱাহাটী বিশ্ববিদ্যালয়,ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্র আৰু* *টেলিভিশন প্ৰতিষ্ঠান, অসম চাৰু কাৰু কলা মহাবিদ্যালয়েও নিজস্ব সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। বিষয়া সকলৰে আলোচনাৰল সময়ত অসমৰ বিভিন্ন স্থানত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তি সমুহ পৰিষ্কাৰ কৰাৰ বাবে জিলা আয়ুক্ত সকলৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে। জন্ম দিৱসৰ দিনা ৰাজ্যৰ বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সুধাকণ্ঠৰ গীত পৰিবেশনৰ ব্যৱস্থা কৰাৰ কথাও সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.