গুৱাহাটী: কলিয়াবৰ, ৩ ছেপ্টেম্বৰ কলিয়াবৰৰ আমগুৰি চাহ বাগিচা আৰু কাষৰীয়া অঞ্চলত বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱতি নিশাও আমগুৰি অঞ্চলত এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি তাণ্ডৱ চলায় আৰু ঘৰ দুৱাৰ ভাঙিচুৰং কৰাৰ লগতে কেইবাজনো লোকক আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত অঞ্চলটোৰ ৬ জন সাধাৰণ লোক গুৰুতৰভাৱে আহত হয়।
আহত লোকসকল হ’ল— সুণীতা মাঝি, কাজল মাঝি, লীলা তাঁতী, উমা মুঢ়া, শিবা মুঢ়া আৰু বিজয় মুঢ়া।

ইফালে, বাৰে বাৰে বন্যহস্তীয়ে গাঁৱত প্ৰৱেশ কৰি মানুহৰ প্ৰাণলৈ ভাবুকি কঢ়িয়াই অনাৰ ঘটনা সঘনাই ঘটাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে। জনবসতিপূৰ্ণ অঞ্চললৈ হাতীৰ প্ৰৱেশ ৰোধ কৰিবলৈ আৰু বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগৰ ওচৰত তীব্ৰ দাবী জনাইছে।