ASSAM | There are many reasons why you shouldn’t buy these products. These are the reasons why you shouldn’t buy these products: ৰাজ্যজুৰি ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান

ৰাজ্যজুৰি ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান

গুৱাহাটী : আৰক্ষীৰ সৈতে ভাল সম্পৰ্ক আছে, আৰক্ষীৰ ঘনিষ্ঠ ব্যক্তি অথবা আৰক্ষীৰ নাম ব্যৱহাৰ কৰি বিভিন্ন ধৰণেৰে ৰাইজক ভয়-ভাবুকি দি ধন সংগ্ৰহ কৰাৰ অভিযোগ এইসকল প্ৰৱঞ্চকৰ বিৰুদ্ধে উত্থাপিত হৈছে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে জানিবলৈ দিয়া মতে, অভিযান অধিক তীব্ৰতৰ কৰা হৈছে। কেৱল অসমতে নহয়, ৰাজ্যৰ বাহিৰত থাকি প্ৰৱঞ্চনাৰ জাল পেলাই থকা লোকসকলকো গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ASSAM | There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products: ৰাজ্যজুৰি ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান
সাধাৰণ ৰাইজ যাতে এইধৰণৰ প্ৰৱঞ্চকৰ দ্বাৰা কোনো ধৰণৰ হাৰাশাস্তি বা অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলি আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰে।

ইফালে, কাছাৰ জিলাত সৰ্বাধিক সংখ্যক প্ৰৱঞ্চক সক্ৰিয় হৈ থকাৰ তথ্য পোহৰলৈ অহা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনতো অভিযান অধিক ব্যাপক ৰূপত চলোৱাৰ ইংগিত দিছে আৰক্ষীয়ে।

প্ৰৱঞ্চকৰ বিৰুদ্ধে চলোৱা এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি অসম আৰক্ষীয়ে স্পষ্ট কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.