গুৱাহাটী: সুধাকন্ঠ সম্পৰ্কীয় আন এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। গুৱাহাটী প্ৰেছ ক্লাবত আজি অসম তথা উত্তৰ-পূব ভাৰতৰ প্রথিতযশা ইতিহাসবিদ অধ্যাপক শীলা বৰা আৰু অধ্যাপক সজল নাগে উন্মোচন কৰে ‘উপনিৱেশোত্তৰ উত্তৰ-পূৱ ভাৰত আৰু ড° ভূপেন হাজৰিকা’ শীৰ্ষক গ্ৰন্থখন। অসম ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড° সুস্মিতা হাজৰিকা আৰু সহ-লেখক কয়াকুছিৰ ড° তানিয়া বেগমে প্ৰণয়ন কৰা গ্ৰন্থখনে সুধাকন্ঠৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদান প্ৰকাশ কৰিছে।
সুধাকন্ঠৰ জীৱনৰ এছোৱা সময়ৰ বাস্তৱ দলিলস্বৰূপ গ্ৰন্থখনৰ উন্মোচনী সভাত সাহিত্যিক-গৱেষক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্যকান্ত হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
‘উপনিবেশোত্তৰ উত্তৰ-পূৱ ভাৰত আৰু ড° ভূপেন হাজৰিকা’ গ্রন্থখনৰ বিষয়ে বক্তব্য আগবঢ়াই উন্মোচকদ্বয়ে কয় যে উপনিৱেশোত্তৰ কালছোৱা দেশৰ ইতিহাসত অতিকে গুৰুত্বপূৰ্ণ সময়।

অনুষ্ঠানৰ আৰম্ভণিতে মণিদ্বীপ চুতীয়াই ড° ভূপেন হাজৰিকাৰ জনপ্ৰিয় “হে’ হে’ হে’ ঢোলে ডগৰে হে’ হে’ হে’ হিয়াৰ উমেৰে” গীতটি ভায়োলিন বাদনেৰে পৰিৱেশন কৰে।