গুৱাহাটী: শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোতেই দৰঙত এগৰাকী শিক্ষকৰ সৈতে সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কৃতী শিক্ষক বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰি পৰিয়ালসহ অনুষ্ঠানস্থলীত উপস্থিত হোৱা এগৰাকী প্ৰধান শিক্ষকে অৱশেষত বঁটা নোলোৱাকৈয়ে উভতি যাবলগীয়া হ’ল।
দৰং জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হয় ৬৫ সংখ্যক শিক্ষক দিৱস। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৪৫ গৰাকী শিক্ষকক জিলা কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়।
এই অনুষ্ঠানলৈ কৃতী শিক্ষক বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল দলগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত ভৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল আমিন চৌধুৰীক। আমন্ত্ৰণ লাভ কৰাৰ পিছত শিক্ষকগৰাকী পৰিয়ালসহ অনুষ্ঠানস্থলীত উপস্থিত হয়।

বঁটা গ্ৰহণৰ আশাৰে পৰিয়ালসহ অনুষ্ঠানলৈ অহাৰ পিছত এইদৰে তালিকাত নাম নথকাত ক্ষোভ প্ৰকাশ কৰে প্ৰধান শিক্ষক নুৰুল আমিন চৌধুৰীয়ে। আমন্ত্ৰণ জনোৱাৰ পিছতো কিয় বঁটা প্ৰদানৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা নহ’ল, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
যদি বঁটা প্ৰদানৰ তালিকাত শিক্ষকগৰাকীৰ নাম নাছিল, তেন্তে তেওঁক কিয় বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল?—এই প্ৰশ্নই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
শিক্ষক দিৱসৰ দৰে এটা বিশেষ দিনত এগৰাকী শিক্ষকক আমন্ত্ৰণ জনাই অনুষ্ঠানস্থলীলৈ মাতি নিয়াৰ পিছত বঁটা নোপোৱাকৈ উভতাই পঠিওৱাৰ ঘটনাই স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সমগ্ৰ ঘটনাটোক লৈ এতিয়া দৰং জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।