ASSAM | PATHIK fulfilled the dream of Manasjyoti Chetia : মানসজ্যোতি চেতিয়াৰ সপোন পূৰ্ণ কৰিলে পথিকে

মানসজ্যোতি চেতিয়াৰ সপোন পূৰ্ণ কৰিলে পথিকে

নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰঃ  বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ আকস্মিক মৃত্যুৰ পাছত এই দুৰ্ঘটনাটোক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈ থকাৰ সময়ত নেতাগৰাকীয়ে আধৰুৱাকৈ এৰি যোৱা বহু কামক লৈ বহু লোক উদ্বিগ্ন হৈ পৰিছিল। জলপ্ৰলয়ে সংহাৰী ৰূপ ধাৰণ কৰি উজনিৰ বহু স্থানত বহু লোকক গৃহহীন কৰে।
উল্লেখ্য যে স্বেচ্ছাসেৱী সংগঠন ‘পথিক’ৰ সহযোগত মানসজ্যোতি চেতিয়াই টেঙাপুখুৰী আৰু নাজিৰা অঞ্চলৰ গৃহহীন বন্যাৰ্তৰ বাবে বহুকেইটা ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। টেঙাপুখুৰী লাহন গাঁৱৰ দুলু চাংমাই নামৰ লোকজনৰ ঘৰটোও মানসজ্যোতিয়ে ‘পথিক’ৰ সহযোগত নিৰ্মাণ আৰম্ভ কৰিছিল। কিন্তু গৃহনিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দুটা দিনৰ পাছতে বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে।

ASSAM | The traveler fulfilled the dream of Manasjyoti Chetia : মানসজ্যোতি চেতিয়াৰ সপোন পূৰ্ণ কৰিলে পথিকে
মনকৰিবলগীয়া যে স্বেচ্ছাসেৱী সংগঠনটোৱে নিৰ্দিষ্ট কৰি ৰখা ঘৰসমূহৰ নিৰ্মাণ ক্ষীপ্ৰ গতিৰে অব্যাহত ৰাখে আৰু মানসজ্যোতিৰ সপোনক সাকাৰ ৰূপ দিয়াৰ বাবে যত্নপৰ হয়। সংগঠনটোৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে নিজে বানবিধ্বস্ত অঞ্চলসমূহত উপস্থিত থাকি নিৰ্মাণ-কাৰ্যৰ তদাৰক কৰে। এনে খৰতকীয়া প্ৰচেষ্টাৰ ফলতে প্ৰয়াত নেতাগৰাকীৰ দহাৰ দিনটোতে দুলু চাংমাইৰ ঘৰখন সম্পূৰ্ণ কৰি গৰাকীক চমজাই দিয়া হয়। সঞ্চালক ৰাজকুমাৰে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা মতে মানসজ্যোতি চেতিয়াৰ স্মৃতিত সংগঠনটোৱে আৰু এঘাৰটাকৈ গৃহ নিৰ্মাণ কৰিব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰতে দুৰ্ভগীয়া গৃহহাৰাক গতাই দিব।
You might also like
Leave A Reply

Your email address will not be published.