গুৱাহাটী, ৬ ছেপ্টেম্বৰ : ভাৰতীয় সংস্কৃতিৰ অন্যতম মহান পৰম্পৰা হৈছে গুৰু-শিষ্য পৰম্পৰা। গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু শিষ্যৰ প্ৰতি গুৰুৰ স্নেহ-নিৰ্দেশনাই ভাৰতীয় জ্ঞান-পৰম্পৰাক যুগ যুগ ধৰি সমৃদ্ধ কৰি আহিছে। শ্ৰীৰামচন্দ্ৰ-বশিষ্ঠ, শ্ৰীকৃষ্ণ-সান্দীপনি, শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ, সমৰ্থ ৰামদাস-ছত্ৰপতি শিৱাজী আৰু ৰামকৃষ্ণ পৰমহংস-বিবেকানন্দ আদি মহান গুৰু-শিষ্যৰ সম্পৰ্ক ইয়াৰ উজ্জ্বল উদাহৰণ।
“শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্”—ভগৱান শ্ৰীকৃষ্ণৰ এই বাণীয়ে জ্ঞান লাভৰ ক্ষেত্ৰত শ্ৰদ্ধাৰ গুৰুত্ব স্পষ্ট কৰে। এই মহান পৰম্পৰাক নৱপ্ৰজন্মৰ মাজত পুনৰ জীৱন্ত কৰি তোলাৰ উদ্দেশ্যে অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ‘প্ৰজ্ঞা’ই প্ৰতিবছৰৰ দৰে এইবছৰো শিক্ষক দিৱস উপলক্ষে ৰাজ্যজুৰি **‘গুৰুপূজন অনুষ্ঠান’**ৰ আয়োজন কৰে।
শনিবাৰে ৰাজ্যখনৰ ২৫খন জিলাৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি মুঠ ১৯৫টা কাৰ্যক্ৰম অনুষ্ঠিত হয়। এই অনুষ্ঠানসমূহত মুঠ ৪,১২১গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ চৰণ বন্দনা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰীকে ধৰি ত্ৰিশ সহস্ৰাধিক লোকে এই গুৰুপূজন অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে।

বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে এই প্ৰচেষ্টাৰ বাবে ‘প্ৰজ্ঞা’ক ধন্যবাদ জ্ঞাপন কৰি কয় যে, আধুনিক সময়ত শিক্ষক-শিক্ষাৰ্থীৰ সম্পৰ্কক অধিক আত্মিক আৰু মূল্যবোধভিত্তিক কৰি তোলাৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ বিশেষ প্ৰয়োজন আছে। আনহাতে, ‘প্ৰজ্ঞা’ৰ মতে, শিক্ষক কেৱল জ্ঞান প্ৰদান কৰা ব্যক্তি নহয়; তেওঁ এগৰাকী পথপ্ৰদৰ্শক আৰু সমাজ-নিৰ্মাণৰ অন্যতম মূল আধাৰ। সেয়েহে নৱপ্ৰজন্মৰ মাজত শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰ ভাব জগাই তোলাৰ লগতে ভাৰতীয় গুৰু-শিষ্য পৰম্পৰাক সমাজত পুনৰ সুদৃঢ় কৰাৰ লক্ষ্যৰে এই গুৰুপূজন অনুষ্ঠানৰ প্ৰতিবছৰে ৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰি অহা হৈছে। ‘প্ৰজ্ঞা’ই আশা প্ৰকাশ কৰে যে এনে অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্মই ভাৰতীয় সংস্কৃতিৰ মহান গুৰু-শিষ্য পৰম্পৰাৰ সৈতে অধিক গভীৰভাৱে পৰিচিত হ’ব আৰু শিক্ষকসকলৰ প্ৰতি সন্মানৰ পৰম্পৰা অধিক শক্তিশালী হ’ব।