Assam|Teacher recruitment: ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ডাঙৰ প্ৰত্যাহ্বান

Teacher recruitment

নিউজ ডেক্সঃ অসমৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ ৰাজ্য চৰকাৰৰ সন্মুখত আহি পৰিছে এক ডাঙৰ আইনী প্ৰত্যাহ্বান। শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ জৰিয়তে চৰকাৰী সেৱাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহানাৰে গঠিত বিচাৰপীঠে অসম চৰকাৰ আৰু শিক্ষা বিভাগসমূহক প্ৰাদেশীকৰণৰ অধীনত নতুনকৈ কোনো শিক্ষকক নিযুক্তি বা চৰকাৰী সেৱাত অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়ে।

অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক আৰু কৰ্মচাৰীৰ সেৱা প্ৰাদেশীকৰণৰ বিধিগত ব্যৱস্থাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই অন্তৱৰ্তী নিৰ্দেশ জাৰি কৰে।

আবেদনকাৰী ৰাজেশ চৌহান আৰু মাধৱ মুকুন্দ পূজাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰঞ্জিত কুমাৰে আদালতত যুক্তি আগবঢ়ায়। আবেদনখনত অভিযোগ কৰা হৈছে যে প্ৰাদেশীকৰণৰ বৰ্তমানৰ ব্যৱস্থাৰ জৰিয়তে মুকলি, স্বচ্ছ আৰু প্ৰতিযোগিতামূলক নিযুক্তি প্ৰক্ৰিয়া অবিহনেই একাংশ ব্যক্তিয়ে চৰকাৰী সেৱাত প্ৰৱেশৰ সুযোগ লাভ কৰিছে।

এই ব্যৱস্থা সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ১৬-ৰ পৰিপন্থী বুলিও আবেদনকাৰীসকলে দাবী কৰিছে। এই দুয়োটা অনুচ্ছেদে আইনৰ দৃষ্টিত সমতা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমান সুযোগৰ অধিকাৰ নিশ্চিত কৰে।

গোচৰটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, সংশ্লিষ্ট শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবৰ লগতে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ সঞ্চালকসকললৈ জাননী জাৰি কৰিছে।

আবেদনখনত বিশেষভাৱে Assam Education (Provincialisation of Services of Teachers and Re-organisation of Educational Institutions) Act, 2017-ৰ কেইবাটাও বিধানক প্ৰত্যাহ্বান জনোৱা হৈছে।

আবেদনকাৰীসকলৰ অভিযোগ অনুসৰি, সংসদীয় আইন আৰু সংশ্লিষ্ট বিধি-বিধানত নিৰ্ধাৰিত ন্যূনতম শিক্ষাগত অৰ্হতা নথকা ব্যক্তিকো প্ৰাদেশীকৰণৰ জৰিয়তে চৰকাৰী বা প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত শিক্ষক হিচাপে অন্তৰ্ভুক্ত কৰাৰ সুযোগ আছে।

অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে উচ্চতম ন্যায়ালয়ে শিক্ষাৰ অধিকাৰ আইন, ২০০৯, ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ আইন, ১৯৯৩ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬-কে ধৰি প্ৰযোজ্য বিধিগত ব্যৱস্থাৰ অধীনত প্ৰাদেশীকৰণৰ জৰিয়তে কোনো শিক্ষকক নতুনকৈ নিযুক্তি বা সেৱাত অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিছে।

ইফালে, ২০১১ চনৰ Assam Venture Educational Institutions (Provincialisation of Services) Act আৰু ২০১৭ চনৰ আইন অনুসৰি ইতিমধ্যে প্ৰাদেশীকৃত হোৱা শিক্ষক-কৰ্মচাৰীৰ শিক্ষাগত অৰ্হতা পৰীক্ষা কৰাৰ দাবীও আবেদনখনত উত্থাপন কৰা হৈছে।

আবেদনকাৰীসকলে ন্যূনতম নিৰ্ধাৰিত অৰ্হতা নথকা কোনো ব্যক্তিক চৰকাৰী বা প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত পাঠদানৰ অনুমতি নিদিবলৈও আদালতৰ হস্তক্ষেপ বিচাৰিছে। লগতে ভৱিষ্যতে চৰকাৰী শিক্ষক পদৰ সকলো নিযুক্তি স্বচ্ছ, ন্যায্য, মেধাভিত্তিক আৰু প্ৰতিযোগিতামূলক নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ বিচৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ এই অন্তৱৰ্তী নিৰ্দেশৰ পিছত ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্তি আৰু প্ৰাদেশীকৰণ ব্যৱস্থাক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ প্ৰাদেশীকৰণ আইনৰ সাংবিধানিক বৈধতা আৰু ইতিমধ্যে প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ যোগ্যতাক লৈ পৰৱৰ্তী শুনানিত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।

পৰৱৰ্তী শুনানিত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত কি যুক্তি আগবঢ়ায় আৰু প্ৰাদেশীকৰণ ব্যৱস্থাক লৈ আদালতৰ চূড়ান্ত স্থিতি কি হয়, সেয়া এতিয়া লক্ষণীয় হ’ব।

You might also like
Leave A Reply

Your email address will not be published.