ASSAM | Poetry Book Realised: দীপা বৰা দত্তৰ কাব্যগ্ৰন্থ উন্মোচন

ASSAM | Poetry Book Realised: দীপা বৰা দত্তৰ কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী, ৭ ছেপ্তেম্বৰঃ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন ‘নতুন প্ৰভাত’ শীৰ্ষক এখন কাব্যগ্ৰন্থ। কবি তথা লেখিকা দীপা বৰা দত্তৰ কাব্যগ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। উন্মোচকৰ আসনৰ পৰা মৃণালিনী দেৱীয়ে কাব্য-চৰ্চাৰ পথাৰখন সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত দীপা বৰা দত্তই অব্যাহত ৰখা প্ৰচেষ্টাৰ শলাগ লয় আৰু কাব্যপ্ৰেমীক কাব্যগ্ৰন্থ ক্ৰয়ৰে কাব্য আন্দোলন আগুৱাই নিবৰ বাবে আহ্বান জনায়। আটকধুনীয়া প্ৰচ্ছদ আৰু অংগসজ্জাৰে প্ৰকাশিত ‘নতুন প্ৰভাত’ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৰাইটাৰ্ছ ফোৰামৰ উদ্যোগত।

উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন ধন ভৰালী মিহিৰ বৰুৱাকে ধৰি অসম লেখিকা সংস্থাৰ উপদেষ্টা মৃদুলা শৰ্মা, সহকাৰী সম্পাদক বিন্দু ডেকা চৌধুৰী প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ৰাইটাৰ্ছ ফোৰামৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ো অনুষ্ঠানত উপস্থিত আছিল।

You might also like
Leave A Reply

Your email address will not be published.