নিউজ ডেস্ক: গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত হৈছে সকলোৰে মন-মগজু কঁপাই যোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ড। মানুহ ইমান যে ঘাতক, নৃশংস, অ-মানুহ, হিংস্ৰ হ’ব পাৰে তাকেই যেন প্ৰমাণিত কৰিব বিচাৰিলে ৰামানুজন গোস্বামী নামৰ যুৱকজনে।
মানৱতাৰ নামৰ গুণৰ সকলো সীমা চেৰাই গৈ নিচাগ্ৰস্ত যুৱক ৰামানুজন গোস্বামীয়ে যি কাণ্ড সংঘটিত কৰিলে তাক লৈ কেৱল গুৱাহাটী বা অসমেই নহয় সমগ্ৰ দেশতে চৰ্চা হৈছে। নিচাৰ কোবত নে আন কোনো কাৰণত পিছে এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত
নিচাৰ জগতত ভৰি দি দিগভ্ৰান্ত হোৱা ৰামানুজনে হত্যা কৰিলে পত্নীক। পত্নী ৰীয়া আছিল পিতৃ-মাতৃহীনা। পিতৃ-মাতৃৰ মৰম ৰামানুজনৰ পৰাই পাব বুলি প্ৰায় ১০ মাহ পূৰ্বে দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। পিছে ১০ মাহ পিছত ৰীয়াৰ নিথৰ দেহ উদ্ধাৰ হ’ল সপোনৰ ঘৰখনত। নিথৰ দেহ বুলি ক’লেও ভুল কোৱা হ’ব। দেহৰ বিভিন্ন অংগ উদ্ধাৰ হ’ল বিভিন্ন স্থানত।
হত্যাকাণ্ডৰ খবৰ পাই উপস্থিত হোৱা আৰক্ষীয়ে ৰীয়াৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰে ফ্ৰীজত। ফ্ৰীজ খুলি আৰক্ষীয়ে দেখে যে কেৱল ছিন্ন মুণ্ডই হয়, ৰীয়াৰ আঙুলি তথা দেহৰ কেতবোৰ অংগ ৰামানুজনে কাটি ভৰাই থৈছে ফ্ৰীজত। এটা ক’লা পলিথিনত ভৰাই ফ্ৰীজত লুকুৱাই ৰাখিছিল ৰীয়াৰ অংগ। মৃতদেহৰ বাকী অংশ উদ্ধাৰ হৈছে শোৱনি কোঠাৰ বিচনাৰ তলত। লগতে উদ্ধাৰ হৈছে এখন দা আৰু কেইবাটাও সুৰাৰ বটল।
সকলো কাণ্ড দেখি হতবাক হৈ পৰে আৰক্ষী। মুহূৰ্তৰ ভিতৰতে ৰামানুজনে কৰা কাণ্ড ৰাষ্ট্ৰ হৈ পৰে আৰু সকলোৱে এতিয়া ঘাতকৰ কাহিনী শুনি চৰ্চা কৰিবলৈ লৈছে- মানুহ ইমান নৃশংস হ’ব পাৰেনে? দয়া-মমতা বুলি কোনো বস্তুৱেই ৰামানুজন বোলা পাষণ্ডটোৰ দেহত নাই নেকি?
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰামানুজনক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গতাই দিছে হাতীগাঁও আৰক্ষীক। এতিয়া ৰামানুজনৰ কাণ্ডৰ বিচাৰ চলিব। যদি গোচৰটো ফাষ্টট্ৰেক আদালতত দিয়ে হত্যাকাৰীয়ে নিশ্চয় সোনকালে শাস্তি লাভ কৰিব। কিন্তু এই শাস্তি কিমান কঠোৰ হয় সেয়াহে লক্ষণীয় হ’ব। কাৰণ বন্দনা কলিতায়ো একেই কাণ্ড সংঘটিত কৰিছিল। পিছে দৃষ্টান্তমূলক শাস্তি নাপালে হত্যাকাৰীয়ে।
ৰীয়াৰ হত্যাকাণ্ডও যদি এনে হয় তেন্তে এনে মানসিকতাৰ লোকে নিশ্চয় আসৈ পাব। সকলোখিনি নিৰ্ভৰ কৰিছে আৰক্ষীৰ চাৰ্জশ্বীটৰ ওপৰত।