গুৱাহাটী ৯ ছেপ্টেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অসম আৰু মেঘালয়ত বৈদেশিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ৰূপায়ণত নতুন গতি প্ৰদানৰ আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।
বুধবাৰে নতুন দিল্লীৰ কাৰ্তব্য ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমাই। বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত মূলধনী ব্যয় বৃদ্ধি, আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৈদেশিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে নতুন বিনিয়োগৰ সুযোগ সৃষ্টি কৰাৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হয়।
বৈঠকৰ পাছত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰু মেঘালয়ত বৈদেশিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ৰূপায়ণৰ গতি বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজ্য দুখনে দৃঢ়ভাৱে বিষয়টো উত্থাপন কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্য দুখনৰ প্ৰস্তাৱসমূহ ইতিবাচকভাৱে গ্ৰহণ কৰিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ধাৰা অধিক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰে নতুন উদ্যমেৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
উল্লেখ্য যে অসম আৰু মেঘালয়ত আন্তঃগাঁথনি উন্নয়নৰ কাম ত্বৰান্বিত কৰাৰ লগতে অধিক বিনিয়োগ আকৰ্ষণৰ ক্ষেত্ৰত বৈদেশিক সাহায্যপ্ৰাপ্ত প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সেয়েহে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকক দুয়োখন ৰাজ্যৰ বাবে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে।
বৈঠকত অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভনৰ লগতে বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।