গুৱাহাটী, ১০ ছেপ্টেম্বৰ: সৰিয়হৰ ডুলিতে ভূত। ৰাজ্য চৰকাৰে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কথা কৈ নাথাকক কিয় একাংশই চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি ধন লুণ্ঠন কৰি গৈছে। তেনে এগৰাকী বিষয়া হৈছে দেৱলীনা ভট্টাচাৰ্য। সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ধন লুণ্ঠন কৰোতেই জালত পৰিল আৰক্ষীৰ। গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিষয়াগৰাকীক।
প্ৰাথমিক তথ্য অনুসৰি, দেৱলীনা পাটোৱাৰী অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়া। সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ উলিয়াই দিয়াৰ নামত দেৱলীনাই তিনিজন ব্যক্তিৰ পৰা মুঠ প্ৰায় ৪৫ লাখ টকা সংগ্ৰহ কৰিছিল।
এই ঘটনাক লৈ কুলজিৎ কুমাৰ দাস, মনীষ কুমাৰ শৰ্মা আৰু সুক সেন নামৰ তিনিজন ব্যক্তিয়ে গড়চুক আৰক্ষী থানাত দাখিল কৰিছিল অভিযোগ। এই এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে নিশা অভিযান চলাই মহানগৰীৰ গীতানগৰ অঞ্চলৰ পৰা দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩১৮ৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
দেৱলীনাৰ এই দুষ্কাৰ্যৰ সৈতে আন বিষয়া জড়িত থকাৰো সন্দেহ কৰা হৈছে। আৰক্ষীয়ে অধিক তদন্ত চলালে দেৱলীনাৰ দালাল চক্ৰটোৰ সৈতে জড়িত আনসকল গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।