ASSAM | Sarupathar SDPO Dipen Patar arrested over Alleged Crude Oil: তেল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ সৰুপথাৰৰ CDSP দ্বীপেন পাটৰ

ASSAM | Sarupathar SDPO Dipen Patar arrested over Alleged Crude Oil: তেল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ সৰুপথাৰৰ CDSP দ্বীপেন পাটৰ

গুৱাহাটী :  খাকী পোছাকত পুনৰ লাগিল কলংকৰ দাগ। তেল চুৰিৰ দৰে গুৰুতৰ অভিযোগত এইবাৰ আৰক্ষীৰ জালত পৰিল সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক (CDSP) দ্বীপেন পাটৰ।

সৰুপথাৰত ONGCৰ পাইপৰ পৰা তেল চুৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে CDSP দ্বীপেন পাটৰক। এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে ইতিমধ্যে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, তেল চুৰিৰ চক্ৰৰ সৈতে আৰক্ষী বিষয়াগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তদন্ত আৰম্ভ কৰে গোলাঘাট আৰক্ষীয়ে। তদন্তৰ মাজতে আজি বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই দ্বীপেন পাটৰক গ্ৰেপ্তাৰ কৰে।

গোলাঘাট জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলিছিল এই বিশেষ অভিযান। বৃহৎ আৰক্ষীৰ দলটোৱে অভিযান চলাই অৱশেষত আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এই পদক্ষেপে তেল চুৰিৰ আঁৰত থকা বৃহৎ চক্ৰটোক লৈও নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে। এই চক্ৰৰ সৈতে আৰু কোন কোন লোক জড়িত, তাত কোনো প্ৰভাৱশালী ব্যক্তি আছে নেকি—সেই লৈ এতিয়া তদন্তকাৰী আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.