গুৱাহাটী: ছ’চিয়েল মিডিয়া আৰু অন্যান্য ডিজিটেল মাধ্যমত ১৮ বছৰৰ তলৰ শিশুসকলক শোষণ আৰু বিভিন্ন ধৰণৰ অপৰাধৰ পৰা সুৰক্ষিত ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে বৃহস্পতিবাৰে ‘জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্স’ নামৰ বেচৰকাৰী সংস্থাটোৱে দাখিল কৰা আবেদনখনৰ শুনানি গ্ৰহণ কৰে।
আবেদনখনত উল্লেখ কৰা হৈছে যে ডিজিটেল মাধ্যমত ব্যৱহাৰকাৰীৰ বয়স আৰু পৰিচয় নিৰ্ণয়ৰ বাবে পৰ্যাপ্ত ব্যৱস্থা নথকাৰ ফলত নাবালকসকল অনলাইনত বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হৈছে। বিশেষকৈ অনলাইনত শিশুক প্ৰলোভিত কৰা, যৌন শোষণ, ডিজিটেল মানৱ সৰবৰাহ, ধন দাবী, চাইবাৰ উৎপীড়ন আৰু বয়সৰ অনুপযোগী বিষয়বস্তুৰ প্ৰভাৱত পৰাৰ আশংকা বৃদ্ধি পাইছে।
শুনানিৰ সময়ত ন্যায়াধীশ জয়মাল্য বাগচীয়ে মৌখিকভাৱে মন্তব্য কৰে যে ডিজিটেল পৰিৱেশত শিশুসকলক সুৰক্ষা প্ৰদানৰ বাবে ‘ফায়াৰৱাল’ৰ দৰে শক্তিশালী সুৰক্ষা ব্যৱস্থা থকাটো প্ৰয়োজনীয়।
আবেদনখনত কেন্দ্ৰীয় চৰকাৰক ডিজিটেল মাধ্যমসমূহক স্পষ্ট নিৰ্দেশনা দিয়াৰ দাবী জনোৱা হৈছে। ১৮ বছৰৰ তলৰ শিশুৱে কৰা যিকোনো চুক্তি আৰম্ভণিৰ পৰাই অবৈধ বুলি গণ্য কৰা হওক। লগতে এনে চুক্তি বাতিল বা স্থগিত কৰাৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
ইয়াৰ উপৰি, ২০২১ চনৰ তথ্য-প্ৰযুক্তি বিধিত বিশেষ ব্যৱস্থা সংযোজন অথবা নতুন নিৰ্দেশনা জাৰি কৰি নাবালকে ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাৰ ক্ষেত্ৰত অভিভাৱকৰ অনুমতি বাধ্যতামূলক কৰাৰ দাবী উত্থাপন কৰা হৈছে। অভিভাৱকৰ পৰিচয় ই-কেওৱাইচি অথবা আন স্বীকৃতিপ্ৰাপ্ত ব্যৱস্থাৰ জৰিয়তে পৰীক্ষা কৰাৰ কথাও আবেদনখনত উল্লেখ কৰা হৈছে।
অৱশ্যে আবেদনকাৰী পক্ষই স্পষ্ট কৰি দিয়ে যে শিশুসকলক ডিজিটেল জগতৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰখাৰ দাবী কৰা হোৱা নাই। শিক্ষা, জ্ঞান আহৰণ আৰু বিভিন্ন দক্ষতা বিকাশত ডিজিটেল মাধ্যমৰ গুৰুত্ব স্বীকাৰ কৰি, ডিজিটেল ব্যৱস্থাৰ গঠনৰ পৰাই শিশুৰ সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰাৰ পোষকতা কৰিছে আবেদনকাৰী পক্ষই। এতিয়া কেন্দ্ৰীয় চৰকাৰে কি উত্তৰ দিয়ে তথা ইয়াৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কি ৰায় প্ৰদান কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব।