গুৱাহাটী ১২ ছেপ্টেম্বৰ: নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনে শনিবাৰে ঘোষণা কৰে যৌথ ঘোষণাপত্ৰ। এই যৌথ ঘোষণাপত্ৰ গ্ৰহণ কৰাত ঐকমত্যত উপনীত হয় ব্ৰিকছ। শনিবাৰে নতুন দিল্লীত আৰম্ভ হোৱা ব্ৰিকছ সন্মিলনৰ সময়তে এই কূটনৈতিক অগ্ৰগতি লাভ কৰে ভাৰতে। ব্ৰিকছৰ বিশ্বজনীন প্ৰভাৱ অধিক শক্তিশালী কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় নীতি-নিৰ্ধাৰণত সংগঠনটোৰ ভূমিকা বৃদ্ধি কৰাই সন্মিলনৰ অন্যতম লক্ষ্য।
সন্মিলন উদ্বোধন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ এতিয়া এক পৰিপক্ব পৰ্যায়ত উপনীত হোৱা বুলি মন্তব্য কৰে। সদস্য দেশসমূহৰ মাজত থকা ঐক্য আৰু সহমতক কেৱল ঘোষণাতে সীমাবদ্ধ নাৰাখি বিশ্ব মঞ্চত সুনিৰ্দিষ্ট ফলাফললৈ ৰূপান্তৰ কৰাৰ আহ্বান জনায় মোদীয়ে।
যৌথ ঘোষণাপত্ৰ গ্ৰহণৰ পথ অৱশ্যে সহজ নাছিল। বিভিন্ন স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ সদস্য দেশসমূহৰ মাজত মতভেদে দেখা দিছিল। বিশেষকৈ মধ্যপ্ৰাচ্যৰ সংকট আৰু উপ-সাগৰীয় অঞ্চলৰ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত সকলো সদস্যই গ্ৰহণ কৰিব পৰা ভাষা নিৰ্ধাৰণ কৰাটো এক জটিল কূটনৈতিক প্ৰত্যাহ্বান হৈ পৰিছিল। ভাৰতৰ নেতৃত্বত হোৱা ধাৰাবাহিক আলোচনাৰ জৰিয়তে বিভিন্ন মতৰ মাজত সমন্বয় স্থাপন কৰি অৱশেষত ঐকমত্য গঢ়ি তোলা হয়।

ব্ৰিকছে বিশ্ব অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাত অধিক প্ৰভাৱ বিস্তাৰৰ লক্ষ্যৰে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বাণিজ্য সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ দাবী কৰি আহিছে। সংগঠনটোৰ একাংশ সদস্যৰ মতে, বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত পশ্চিমীয়া শক্তিৰ প্ৰভাৱ অধিক। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ব্ৰিকছ দেশসমূহক ইতিহাসৰ সঠিক পক্ষত দৃঢ়ভাৱে থিয় দি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক অধিক ন্যায়সংগত আৰু সমতাভিত্তিক কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ সংকটসমূহৰ ক্ষেত্ৰত ‘গ্ল’বেল ছাউথ’ বা উন্নয়নশীল দেশসমূহে সন্মুখৰ শাৰীত থাকিলেও সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পিছপৰি থকা বুলি উল্লেখ কৰে। তেওঁ কয় যে বিশ্ব ব্যৱস্থাত এনে এক অংশীদাৰিত্বৰ মঞ্চ গঢ়ি তুলিব লাগিব, য’ত প্ৰতিখন দেশৰ মতামতৰ মূল্য থাকিব আৰু প্ৰতিজন সদস্যৰ সমান অংশীদাৰিত্ব থাকিব।
মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবীও পুনৰ উত্থাপন কৰে। উদীয়মান শক্তিসমূহক স্থায়ী সদস্যপদ দিয়াৰ দাবী কৰি তেওঁ কয় যে নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু অধিক পলম কৰিব নোৱাৰি।
উল্লেখযোগ্য যে ব্ৰিকছত ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহী অন্তৰ্ভুক্ত। ২০০৯ চনত প্ৰতিষ্ঠা হোৱা এই সংগঠনটোৱে বিশ্ব অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত উদীয়মান দেশসমূহৰ ভূমিকা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে। বৰ্তমান ব্ৰিকছ সদস্য দেশসমূহে বিশ্ব জনসংখ্যাৰ ৪০ শতাংশতকৈ অধিক আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় এক-চতুৰ্থাংশ প্ৰতিনিধিত্ব কৰে।