পদ এৰিব লাগিব অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পণ্টে,
ইউ জি চিৰ নিয়ম উলংঘা কৰি নিযুক্তিৰ অভিযোগ
গুৱাহাটী, ১৭ অক্টোবৰঃ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পণ্টৰ নিযুক্তিক লৈ সৃষ্টি হৈছে আইনী বিতৰ্ক। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্ধাৰিত নিয়ম উলংঘা কৰি নিযুক্তি লাভ কৰাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত উপাচাৰ্যগৰাকীক পদৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ১৪ অক্টোবৰত আদালতে এই নিৰ্দেশ প্ৰদান কৰে।

শিলচৰস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ প্ৰশাসনিক পদত পণ্টৰ নিযুক্তিক লৈ উত্থাপিত অভিযোগে এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত নিযুক্তিৰ স্বচ্ছতা আৰু নিৰ্ধাৰিত নিয়ম মানি চলাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। অভিযোগ অনুসৰি, উপাচাৰ্য পদৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু নিযুক্তিৰ নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ ক্ষেত্ৰতবিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম মানি চলা হোৱা নাছিল।
প্ৰাপ্ত তথ্য অনুসৰি, উপাচাৰ্য ৰাজীৱ মোহন পণ্টৰ নিযুক্তিৰ বৈধতাক প্ৰত্যাহ্বান জনাই উত্থাপন কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে। আদালতৰ নিৰ্দেশ অনুসৰি, পণ্টে উপাচাৰ্যৰ পদ এৰিব লাগিব।
এই বিতৰ্কৰ মাজতে উপাচাৰ্যগৰাকীয়ে ইতিমধ্যে লাভ কৰা দৰমহা ঘূৰাই দিয়াৰ বিষয়টোও উত্থাপন হোৱা বুলি জানিব পৰা গৈছে।