ASSAM | Tragic death from eating noodles: নুডলছ খাই পিতৃ-মাতৃ, ৩ সন্তানৰ কৰুণ মৃত্যু

ASSAM | Tragic death from eating noodles: নুডলছ খাই পিতৃ-মাতৃ, ৩ সন্তানৰ কৰুণ মৃত্যু

নুডলছ খাই পিতৃ-মাতৃ, ৩ সন্তানৰ কৰুণ মৃত্যু | খাদ্যত বিষক্ৰিয়াৰ সন্দেহ আৰক্ষীৰ

নতুন দিল্লী, ১৭ অক্টোবৰঃ এক শোকাৱহ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডা। একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ তিনিটা নাবালক সন্তান। প্ৰাথমিক তদন্তত খাদ্যত বিষক্ৰিয়াৰ ফলত এই কৰুণ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ঘটনাটো গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ নগৰ জিলাৰ ৰাবুপুৰা আৰক্ষী থানাৰ অন্তৰ্গত নগলা শ্ৰী পদম গাঁৱত সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ জ্যেষ্ঠ বিষয়া, স্থানীয় আৰক্ষী, এম্বুলেঞ্চ আৰু খাদ্য সুৰক্ষা বিভাগৰ এটা দল।

 

https://adtu.in/
https://adtu.in/

এই শোকাৱহ ঘটনাত মৃত্যু হোৱা লোককেইজন হৈছে মহেশ (৩৭), তেওঁৰ পত্নী ললিতা (৩৫) আৰু তেওঁলোকৰ তিনিটা সন্তান লাড্ডু (১১), মিষ্টি (৭) আৰু সাক্ষাৎ (৩)। একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ একেলগে মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

গ্ৰেটাৰ নয়ডাৰ আৰক্ষীৰ উপ-আয়ুক্ত শ্ৰৱণ কুমাৰ সিঙে জনোৱা অনুসৰি, প্ৰাথমিকভাৱে ঘটনাটো খাদ্যত বিষক্ৰিয়াৰ সৈতে জড়িত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। প্ৰতিবেশী আৰু মৃত মহেশৰ মাতৃৰ পৰা লাভ কৰা তথ্য অনুসৰি, পৰিয়ালটোৱে পূৰ্বৰ নিশা নুডলছ খাইছিল। খাদ্যত কোনো বিষাক্ত পদাৰ্থ মিহলি হৈ আছিল নেকি অথবা আন কোনো কাৰণত এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে, সেই দিশতো তদন্ত অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.