গুৱাহাটী, ২৪ অক্টোবৰঃ ৰাজ্যিক বিজেপিৰ মহিলা সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে পূৰবী ৰয়ক। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পূৰবী ৰয়ক এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰে। ইয়াৰ লগে লগে ৰাজ্যিক বিজেপিৰ মহিলা সংগঠনৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিলে ৰয়ে।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নিযুক্তিৰ বিষয়ে অৱগত কৰে। দলৰ মহিলা সংগঠনৰ নেতৃত্বৰ দায়িত্ব লাভ কৰাৰ পিছত পূৰবী ৰয়ৰ নেতৃত্বত ৰাজ্যজুৰি মহিলা মৰ্চাৰ সাংগঠনিক কাম-কাজে নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।