ড° ভূপেন হাজৰিকা: দৰ্শনক সুৰৰ ৰূপ দিয়া অমৰ কণ্ঠ ড° হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, অসম

ড° ভূপেন হাজৰিকা: দৰ্শনক সুৰৰ ৰূপ দিয়া অমৰ কণ্ঠ

ড° হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, অসম

গুৱাহাটী: পৃথিৱীত এনে বহু শিল্পী আছে যাৰ মহত্ত্ব লুকাই থাকে তেওঁলোকে সৃষ্টি কৰা সৌন্দৰ্যৰ মাজত। কিন্তু অতি কমসংখ্যক শিল্পীয়ে নিজৰ সৃষ্টিৰে জীৱন আৰু জগতৰ সম্পৰ্কে আমাৰ দৃষ্টিভংগীক অধিক প্রগাঢ় কৰি তোলে। ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আছিল তেনে এগৰাকী বিৰল প্রতিভাধৰ শিল্পী। জন্মৰ শতবর্ষ গৰকা এই গৰাকী শিল্পীৰ গীতবোৰে প্ৰজন্মৰ পিছত প্রজন্ম ধৰি সকলোৰে মনত একেই অনুৰণন তুলি আহিছে। সুৰৰ মাধুর্য বা কণ্ঠৰ যাদুকৰী আবেদনেই ইয়াৰ একমাত্ৰ কাৰণ হয়তো নহয়। তেওঁৰ গীতবোৰ আজিও জীৱন্ত আৰু প্ৰাসংগিক হৈ থকাৰ কাৰণ হৈছে এই যে তেওঁৰ গীতে আমাক মানৱতা, ন্যায়, আত্মপৰিচয়, ত্যাগ আৰু পৰস্পৰৰ প্ৰতি থকা দায়িত্ববোধ স্মৰণ কৰায়।

ভূপেনদাক কেৱল এগৰাকী গায়কৰ পৰিচয়তে সীমাৱদ্ধ ৰাখিলে তেওঁৰ বিশাল ব্যক্তিত্বৰ পৰিসৰ একেবাৰে সংকুচিত হৈ পৰিব। তেওঁ এগৰাকী সুৰকাৰ আৰু গীতিকাৰতো আছিলেই, লগতে তেওঁ আছিল এগৰাকী কবি, সাহিত্যিক, সাংবাদিক, চলচ্চিত্র নির্মাতা, গৱেষক আৰু সমাজ-জীৱন সম্পর্কে গভীৰভাৱে চিন্তা কৰা এগৰাকী বৌদ্ধিক ব্যক্তিত্ব। নিজৰ সৃষ্টিশীল জীৱনত তেওঁ সংগীত, সাহিত্য আৰু চলচ্চিত্ৰক পৃথক পৃথক ক্ষেত্র হিচাপে গণ্য কৰা নাছিল। এনে প্রতিটো সৃষ্টিশীল ক্ষেত্র ভূপেনদাৰ বাবে আছিল একো একোটা মাধ্যম যাৰ জৰিয়তে তেওঁ কেতবোৰ মৌলিক প্ৰশ্নৰ সমিধান বিচাৰিছিল। তেওঁৰ মন-গহনক আলোড়িত কৰা প্ৰশ্নবোৰ আছিল মানৱ জীৱনক প্রকৃত মর্যাদা প্রদান কৰে কিহে? এজন মানুহে আন এজনৰ দুখ-কষ্টৰ প্ৰতি উদাসীন হৈ থাকিব পাৰে কিদৰে? ভাষা, অঞ্চল অথবা ধৰ্মৰ ভিন্নতাই বিভক্ত কৰা মানুহক কিহে একতাৰ এনাজৰীৰে বান্ধি ৰাখে? সমাজৰ প্ৰতি এগৰাকী শিল্পীৰ দায়িত্বনো কি?

এনে গভীৰ আৰু জটিল প্রশ্নকো সকলোৰে বোধগম্য গীতৰ মাজেৰে প্ৰকাশ কৰিব পৰাৰ অসাধাৰণ ক্ষমতাৰ মানুহজন আছিল ভূপেনদা।

এজন মানুহে আন এজন মানুহৰ প্ৰতি পোষণ কৰিব লগা মমত্ববোধৰ যি জীৱন দর্শন, এই দর্শন ভূপেনদাই ‘মানুহে মানুহৰ বাবে’ শীর্ষক গীতত অতি সহজ শব্দৰে প্ৰকাশ কৰিছে। ইয়াৰ বাংলা ৰূপ হৈছে ‘মানুষ মানুষের জন্য’। ইয়াত দার্শনিক পৰিভাষাৰ জটিলতা নাই; অথচ কেইটিমান সৰল শব্দৰ মাজতে জাতি, বর্ণ, সংকীর্ণতা, পক্ষপাত আৰু মানৱীয় উদাসীনতাৰ বিৰুদ্ধে এক শক্তিশালী প্রতিবাদ নিহিত হৈ আছে।

https://adtu.in/

‘বিস্তীর্ণ পাৰৰে’ আৰু ইয়াৰ হিন্দী সংস্কৰণ ‘গংগা বেহতি হ’ কির্ড’ গীতত এখন নদী কেৱল ইয়াৰ ভৌগোলিক পৰিচয়ৰ মাজত আবদ্ধ হৈ থকা নাই। এই গীতত নদী হৈ উঠিছে যুগে যুগে মানৱ সভ্যতাৰ উত্থান-পতনৰ নীৰৱ সাক্ষী। প্ৰজন্মৰ পাছত প্ৰজন্মই সম্মুখীন হোৱা দুখ-দুর্দশা, বৈষম্য আৰু অন্যায়ৰ দৃশ্য দেখি অহা নদীখনৰ নিৰ্বিকাৰ গতিৰ প্ৰতি তেওঁ প্রশ্ন উত্থাপন কৰিছে। অতি চিনাকি প্রাকৃতিক সত্তা এটাকো সমাজৰ বিবেকৰ প্ৰতীক কৰি তুলিব পৰাটোৱেই ভূপেনদাৰ শিল্পৰ গভীৰতা। তেওঁ যেন দর্শনকো সুৰৰ মাজেৰে বাত্ময় কৰি তুলিব পাৰিছিল।

ভূপেনদাৰ মানৱতাবাদ কেতিয়াও বিমূর্ত চিন্তাৰ মাজত আবদ্ধ নাছিল। সাধাৰণ মানুহৰ জীৱন-সংগ্ৰামৰ সৈতে তাৰ আছিল নিবিড় সম্পর্ক। শ্রমিক, কৃষক, নাৱৰীয়া, চাহ বাগিচাৰ শ্রমিক আৰু সমাজৰ সবাতোকৈ অৱহেলিত মানুহৰ কথা তেওঁৰ গীতত সজীৱ হৈ উঠিছিল। প্ৰেম আৰু প্ৰকৃতিৰ কথা কওঁতে তেওঁৰ কণ্ঠত যি কোমলতা প্রকাশ পাইছিল, শোষণ-নিপীড়ন আৰু মানুহৰ মৰ্যাদাৰ প্ৰশ্নত সেই কণ্ঠই তেনেদৰেই দৃঢ় নৈতিক প্ৰতিবাদৰ ৰূপ লৈছিল। তেওঁৰ সুৰ আছিল সৰ্বসাধাৰণৰ আপোন, কিন্তু সেই সুৰৰ আঁৰত থকা চিন্তা আছিল গভীৰ। এনে চিন্তা-গধুৰ কথা ক’বলৈ জটিল ভাষাৰ প্ৰয়োজন বুলি তেওঁ কেতিয়াও ভবা নাছিল। তেওঁৰ বহু দার্শনিক উপলব্ধিয়েই আমাৰ হৃদয় স্পৰ্শ কৰিছিল অতি সহজ-সৰল শব্দৰ মাজেৰে।

Related Posts

এই অনন্য গুণটোৱেই তেওঁক ভাষা আৰু সংস্কৃতিৰ সীমা অনায়াসে অতিক্ৰম কৰাৰ শক্তি দিছিল। অসমবাসীৰ বাবে তেওঁ আছিল হিয়াৰ আমঠু ভূপেনদা। একেদৰে বংগয়ো তেওঁক সমান মৰম আৰু আন্তৰিকতাৰে আঁকোৱালি লৈছিল। তেওঁৰ বাংলা গীতসমূহ বংগৰ সাংস্কৃতিক ঐতিহ্যৰো অবিচ্ছেদ্য অংশ হৈ পৰিছিল।

হিন্দী সংগীত আৰু চলচ্চিত্র জগতত প্ৰৱেশৰ লগে লগে তেওঁৰ কণ্ঠই ব্ৰহ্মপুত্ৰ উপত্যকাৰ আৱেগ-অনুভূতিক সমগ্ৰ ভাৰতৰ শ্রোতা-দর্শকৰ ওচৰলৈ লৈ গ’ল। নিজৰ মাটি আৰু সংস্কৃতিৰ শিপাত গভীৰভাৱে প্রোথিত হৈয়ো যে বিশ্বজনীন হৈ উঠিব পাৰি, ভূপেনদাই নিজৰ জীৱন আৰু সৃষ্টিৰে সেই কথা প্ৰমাণ কৰিলে।

উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য আৰু জনসমষ্টিসমূহৰ সৈতেও ভূপেনদাৰ সম্পৰ্ক আছিল নিবিড় আৰু আন্তৰিক। এই ভূখণ্ডৰ নৈ-পাহাৰ, প্ৰকৃতি আৰু জনজীৱনক গীতৰ মাজেৰে উপস্থাপন কৰি তেওঁ অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ডৰ লগতে বৈচিত্র্যৰে ভৰা উত্তৰ-পূবৰ অসংখ্য মানুহৰ অনুভৱক কণ্ঠ দিছিল। উত্তৰ-পূর্বাঞ্চলক তেওঁ কেৱল প্রশাসনিক সীমাৰেখাৰে বিভক্ত কেইখনমান ৰাজ্যৰ সমষ্টি হিচাপে বিবেচনা কৰা নাছিল। এই ভূ-খণ্ডক এক উমৈহতীয়া সাংস্কৃতিক ক্ষেত্র হিচাপে তেওঁ অনুভৱ কৰিছিল। বৈচিত্র্যই কেতিয়াও দূৰত্বৰ সৃষ্টি কৰিব নালাগে- এয়ে আছিল তেওঁৰ সহজাত উপলব্ধি।

এই বিশ্বাসৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ মাজৰ সম্প্ৰীতিৰ এনাজৰী শিথিল হৈ পৰিলেই তেওঁ গভীৰভাৱে ব্যথিত হৈছিল। ৰাজ্যসমূহ মাজৰ বিভাজন আৰু সীমা-সংক্রান্তীয় সমস্যাই তেওঁক কষ্ট দিছিল। তেনে সংঘাত তেওঁৰ জীৱন-দৰ্শনৰ পৰিপন্থী আছিল। তেওঁৰ বিশ্বাস আছিল-প্রতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ সুকীয়া পৰিচয় আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখি তথা পৰস্পৰৰ প্ৰতি বিদ্বেষ নৰখাকৈ একেলগে বসবাস কৰিব পাৰে। তেওঁৰ দৃষ্টিত ঐক্যৰ অৰ্থ বৈচিত্রহীন নাছিল। ভূপেনদাৰ জীৱনাদৰ্শত ঐক্যৰ প্ৰকৃত আধাৰ আছিল ভাতৃত্ববোধ।

তেওঁৰ দেশপ্ৰেমৰো মূল ভেটি আছিল এই একেটা মানৱতাবাদী দর্শন। ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰাৰ পাছত ভূপেনদাই যুদ্ধ-বিধ্বস্ত সীমান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ভাৰতীয় সৈনিকসকলৰ ত্যাগ আৰু আত্মবলিদানৰ বাস্তৱ ছবি প্রত্যক্ষ কৰিছিল। সেই অভিজ্ঞতাৰ পৰাই দেশৰ বাবে প্রাণ আহুতি দিয়া তৰুণ সৈনিকসকলৰ প্ৰতি এক মর্মস্পর্শী শ্রদ্ধাঞ্জলি হিচাপে তেওঁ সৃষ্টি কৰিছিল ‘কত জোৱানৰ মৃত্যু হ’ল’ শীর্ষক অমৰ গীতটো। ভূপেনদাই সেই শোকাবহ পৰিস্থিতিক ঘৃণালৈ পর্যবসিত কৰা নাছিল। বৰঞ্চ ব্যক্তিগত আৰু জাতীয় বেদনাক স্মৃতিলৈ, ত্যাগক দেশপ্রেমলৈ আৰু শোকক কালজয়ী শিল্পলৈ ৰূপান্তৰিত কৰিছিল।

স্থানীয় সত্তা আৰু ৰাষ্ট্ৰীয় চেতনাক একেডাল সূতাৰে বান্ধি ৰখাৰ এই অপূর্ব ক্ষমতা আছিল ভূপেনদাৰ অন্যতম শ্রেষ্ঠ অলংকাৰ। তেওঁৰ প্ৰাণৰ অসমখন গৌৰৱেৰে অসমীয়া হৈয়ো ভাৰতৰ সৈতে অভিন্ন আছিল। উত্তৰ-পূৰ্বাঞ্চলৰ নিজস্ব ভাষা-সংস্কৃতিৰ স্বকীয়তা আৰু সেইবোৰে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা সমৃদ্ধ অৱদান- তেওঁৰ উপলব্ধিত এই দুয়োটা সত্যৰ মাজত কোনো বিৰোধ নাছিল। ব্রহ্মপুত্র, গংগা আৰু মিছিছিপি নদীয়ে তেওঁৰ কল্পনাক দোলা দিছিল; কাৰণ তেওঁৰ দৃষ্টিত এই সকলো নদীয়েই মানৱ সভ্যতাক জীপাল কৰা সঞ্জীৱনী সুধাৰ একোখন বোৱতী ধাৰা।

প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া ‘ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা’ৰ বাবে শ্রীমতী ঊষা মংগেশকাৰক নিৰ্বাচন কৰাটো অতিশয় উপযুক্ত বুলি আমি অনুভৱ কৰোঁ। ভাৰতীয় সংগীত জগতলৈ দীর্ঘদিন ধৰি অসামান্য অৱদান আগবঢ়াই অহা যশস্বী কণ্ঠশিল্পী ঊষা মংগেশকাৰে ভাষা আৰু প্ৰজন্মৰ সীমা অতিক্ৰম কৰি দেশৰ সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰি আহিছে। ভূপেনদাৰ নামত প্ৰৱৰ্তিত বঁটাৰে তেওঁক সন্মানিত কৰাটো ভূপেনদাই নিজে প্রতিনিধিত্ব কৰা আদৰ্শৰো স্বীকৃতি। ভৌগোলিক আৰু ভাষিক সীমা চেৰাই সমগ্ৰ দেশৰ মানুহৰ মাজত এক উমৈহতীয়া আৱেগৰ সেতু গঢ়ি তোলাৰ ভাৰতীয় সংগীতৰ যি অপাৰ শক্তি, এই স্বীকৃতিয়ে তাৰ প্ৰতিফলন ঘটাইছে।

ভূপেনদাৰ জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি পৰ্বত তেওঁৰ প্ৰতি আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰকাশ কৰা অসীম মৰম, শ্রদ্ধা আৰু সম্মানৰ বাবে মই অসমবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ড° ভূপেন হাজৰিকাক ‘ভাৰতৰত্ন’ সম্মানেৰে বিভূষিত কৰাটো প্ৰতিগৰাকী অসমীয়া আৰু তেওঁৰ গুণমুগ্ধৰ বাবে আছিল অপৰিসীম গৌৰৱৰ ক্ষণ। সেইদৰে, অসম আৰু অৰুণাচল প্রদেশক সংযোগ কৰা দলংখন ‘ড° ভূপেন হাজৰিকা সেতু’ হিচাপে নামকৰণ কৰাটো ভূপেন হাজৰিকাৰ জীৱনজোৰা সাধনাৰেই উপযুক্ত স্বীকৃতি। ভূপেনদাই ভাষা, সংস্কৃতি আৰু মানুহৰ মাজত সেতু গঢ়াতে সমগ্র জীৱন উৎসৰ্গা কৰিলে। এনে এগৰাকী ব্যক্তিৰ নামত এনে এখন দলং উৎসৰ্গা কৰাতকৈ অধিক অর্থৱহ শ্রদ্ধাঞ্জলি আৰু কি হ’ব পাৰে। জন্ম শতবার্ষিকীৰ অনুষ্ঠানত মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ ব্যক্তিগত উপস্থিতিয়ে এই স্মৰণ-উদযাপনক প্ৰকৃতাৰ্থত এক ৰাষ্ট্ৰীয় মর্যাদা প্রদান কৰিছে।

ভূপেনদাৰ চিৰন্তন প্ৰাসংগিকতা কেৱল সম্মান, স্মাৰক বা জয়ন্তী-উদযাপনৰ জৰিয়তে জুখিব নোৱাৰি। তেওঁৰ গীতবোৰে আজিও আমাৰ মনত যিবোৰ প্ৰশ্নৰ উদ্রেক কৰে, সেই প্ৰশ্নবোৰ মানুহৰ চিৰন্তন জিজ্ঞাসাৰ প্রতিধ্বনি। সম্ভৱতঃ সেইবাবেই অসমৰ পৰিচয় আৰু অনুভৱৰ সৈতে তেওঁৰ কণ্ঠ আজিও অবিচ্ছেদ্য হৈ আছে। জ্ঞানপীঠ বঁটাপ্ৰাপক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামীয়ে এই আত্মিক সম্পৰ্কৰ কথাকে অসামান্য সৌন্দৰ্যৰে প্ৰকাশ কৰি লিখিছিল, “তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ।”

সেই কণ্ঠ আজিও ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সুদূৰ দিগন্তলৈ নিৰবধি বৈ আছে। যিমান দিনলৈকে এই ধাৰা প্ৰবাহিত হৈ থাকিব, সিমান দিনলৈকে ড° ভূপেন হাজৰিকা নামৰ অমৃত সত্তাটিয়ে আমাক মাথোঁ আনন্দাপ্লুত কৰি ৰখাই নহয়, মানুহ হৈ জীয়াই থকাৰ প্ৰকৃত অর্থও যুগে যুগে সোঁৱৰাই থাকিব।

You might also like
Leave A Reply

Your email address will not be published.