কাইলৈৰ পৰা সকলো জিলাতে ১১ ঘণ্টা কাৰ্ফিউ

প্ৰকাশ পালে নতুন SOP। বঙাইগাঁৱত সংবাদমেল যোগে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই প্ৰকাশ কৰে নতুন SOP। নতুন SOP অনুসৰি পূৰ্বৰ দৰে বন্ধ থাকিব আন্তঃজিলা যাতায়াত । পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা থাকিব দোকান-পোহাৰ।সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খোলাৰ সম্ভাৱনা। জিলা সমূহত ১১ ঘণ্টা লৈ বাহাল থাকিব কাৰ্ফিউ। সকলো জিলাতে প্ৰযোজ্য হ’ব এই নতুন SOP। স্কুল-কলেজৰ ক্ষেত্ৰত অনলাইন ক্লাছ অব্যাহত থাকিব। কাইলৈ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন SOP। ১৫ আগষ্টৰ পিছত প্ৰকাশ পাব নতুন SOP।।

You might also like
Leave A Reply

Your email address will not be published.