মহাৰাষ্ট্ৰত নক্সালৰ বিৰুদ্ধে তীব্ৰ অভিযান

নেচনেল ভেস্ক-

মহাৰাষ্ট্ৰৰ গড়চিৰোলীত সেনা আৰু নক্সালৰ মাজত তীব্ৰ গুলীয়াগুলী। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে মহাৰাষ্ট্ৰৰ গাৰাপট্টি বনাঞ্চলৰ গড়চিৰোলী-ছতীশগড় সীমান্তত সেনা আৰু নক্সালৰ মাজত আজি পুৱাৰে পৰা সংঘটিত হোৱা সংঘৰ্ষত কমেও ২৬ জন নক্সাল নিহত আৰু ৩-৪ জন জোৱান আঘাতপ্ৰাপ্ত হৈছে । কুখ্যাত নক্সাল কৰ্মী মিলিন্দ টেলটুম্বডে, যি ভীমা কোৰেগাঁও হিংসাৰ গোচৰৰ অভিযুক্ত, এই গুলীয়াগুলীত নিহত হৈছে।

গড়চিৰোলীৰ আৰক্ষী অধীক্ষকে নক্সালৰ বিৰুদ্ধে অভিযান কেইবা ঘণ্টা ধৰি চলি থকা বুলি জনায়। নক্সালবাদীৰ বিৰুদ্ধে আজিৰ অভিযান নিৰাপত্তাৰ বাহিনীৰ বৃহৎ সাফল্য বুলিও দাবী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। ইফালে আঘাতপ্ৰাপ্ত জোৱান সকলক চিকিৎসাৰ বাবে নাগপুৰলৈ লৈ যোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.