আজি ১৪ নৱেম্বৰ

➡ আজি শিশু দিৱস।

➡ ১৭১৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লিবনিৎজৰ মৃত্যু হৈছিল। কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক ৰূপে তেওঁৰ নাম বিখ্যাত।

➡ ১৮৩৩ চনৰ ১৪ নৱেম্বৰত জাৰ্মানীৰ প্ৰখ্যাত দাৰ্শনিক গৰ্গ উইলহেম হেগেলৰ মৃত্যু হৈছিল।

➡ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ আজিৰ দিনটোতে।

➡ ১৮৯১ চনৰ ১৪ নৱেম্বৰত ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেন্টিঙৰ জন্ম হৈছিল। ১৯২১ চনত তেওঁ ইনছুলিন আৱিষ্কাৰ কৰিছিল আৰু তাৰেই স্বীকৃতি ৰূপে ১৯২৩ চনত তেওঁ লাভ কৰিছিল চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা।

➡ ১৯৪১ চনৰ আজিৰ দিনটোতে সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ (ইন্দিৰা গান্ধী) জন্ম হৈছিল।

➡ জৱাহৰলাল নেহৰুৰ জন্মদিনটোক চৰকাৰীভাৱে ‘শিশু দিৱস’ ৰূপে ঘোষণা কৰা হৈছিল ১৯৫৭ চনৰ ১৪ নৱেম্বৰত।

➡ ১৯৬৯ চনৰ আজিৰ দিনটোতে এপলো-১২ মহাকাশযান চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হৈছিল।

➡ ১৯৮৯ চনৰ ১৪ নৱেম্বৰত নতুন দিল্লীত অষ্টম এছিয়ান ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতা আৰম্ভ হৈছিল।

➡ প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙে বিজেপিত যোগদান কৰিছিল ১৯৯৩ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯৯ চনৰ ১৪ নৱেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই নিষেধাজ্ঞা আৰোপ কৰিছিল।

➡ ২০০২ চনৰ আজিৰ দিনটোতে পৰমানন্দ বৰবায়ন আৰু সীমা বিশ্বাসৰ নাম সংগীত নাটক অকাডেমী বঁটাৰ বাবে ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.