Assam| Education Minister: বিদ্যালয়লৈ নতুন নিৰ্দেশনাক লৈ উৰাবাতৰি, স্পষ্টীকৰণ শিক্ষামন্ত্ৰীৰ

Education Minister

গুৱাহাটী, ৩০ ছেপ্টেম্বঃ ৰাজ্যৰ বিদ্যালয়সমূহলৈ নতুন কোনো নিৰ্দেশনা জাৰি কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা বাতৰিক লৈ স্পষ্টীকৰণ আগবঢ়াইছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চৰকাৰৰ ফালৰ পৰা বিদ্যালয়সমূহলৈ এই সন্দৰ্ভত কোনো নতুন নিৰ্দেশনা প্ৰদান কৰা হোৱা নাই। সেয়ে বিদ্যালয় ভ্ৰমণৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই বুলি তেওঁ স্পষ্ট কৰে।

ইয়াৰ লগতে অভিভাৱক, নাগৰিক তথা সংশ্লিষ্ট সকলোকে বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহ্বান জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সম্পৰ্কে পৰামৰ্শ আগবঢ়াবলৈও আহ্বান জনায়।

অৱশ্যে বিদ্যালয় ভ্ৰমণৰ সময়ত নিয়মীয়া পাঠদান আৰু বিদ্যালয়ৰ স্বাভাৱিক পৰিৱেশ যাতে কোনো ধৰণে ব্যাহত নহয়, তাৰ প্ৰতি সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত বুলি তেওঁ উল্লেখ কৰে।

ফলত বিদ্যালয় ভ্ৰমণ সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত বিভিন্ন উৰাবাতৰিত বিভ্ৰান্ত নহ’বলৈ সকলোকে আহ্বান জনায়।

You might also like
Leave A Reply

Your email address will not be published.