Assam| BSF soldier: ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লাভৰ অভিযোগ, BSF জোৱান বৰ্খাস্ত

BSF soldier

যোৰহাট, ৩০ ছেপ্টেম্বৰঃ ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লাভ কৰাৰ অভিযোগত গুজৰাটৰ গান্ধীনগৰত কৰ্মৰত এগৰাকী BSF জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। বৰ্খাস্ত হোৱা জোৱানজন হৈছে সতীশ চন্দ্ৰ। তেওঁ গান্ধীনগৰৰ ৫৪নং বিএছএফ বেটেলিয়নত কৰ্মৰত আছিল।

অভিযোগ অনুসৰি, সতীশ চন্দ্ৰই যোৰহাটৰ নাওশলীয়া গাঁৱৰ বাসিন্দা বুলি দেখুৱাই ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি BSF-ত চাকৰি লাভ কৰিছিল।

উল্লেখ্য যে, যোৰহাটৰ পৰা বহিঃৰাজ্যৰ ১১ গৰাকী যুৱকে ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি বিভিন্ন প্ৰতিষ্ঠানত সংস্থাপন লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

ঘটনাৰ তদন্তৰ অংশ হিচাপে যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে এজাহাৰ দাখিল কৰাৰ লগতে জালিয়াতিৰ তথ্য সংশ্লিষ্ট সংস্থাসমূহলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে বিষয়টোৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে।

জিলা প্ৰশাসনৰ তদন্তত সতীশ চন্দ্ৰৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে BSF কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাৰ উদ্যোগত পোহৰলৈ অহা এই ঘটনাই ভুৱা নথি-পত্ৰৰ জৰিয়তে চাকৰি লাভৰ অভিযোগৰ এক গুৰুতৰ দিশ উন্মোচিত কৰিছে। সমগ্ৰ ঘটনাৰ সৈতে জড়িত আন কোনো ব্যক্তি বা চক্ৰ আছে নেকি, সেয়া পৰৱৰ্তী তদন্ততহে স্পষ্ট হ’ব।

You might also like
Leave A Reply

Your email address will not be published.