Assam|Cricket match ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ ক্ৰিকেটত ‘জয় জুবিন’

Cricket match

গুৱাহাটী, ৩০ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰবি শাস্ত্ৰীৰ মুখত ‘জয় আই অসম’ আৰু ‘জয় জুবিন’ ধ্বনি। ভাৰত-ৱেষ্ট ইণ্ডিজৰ মেচৰ পূৰ্বে জনপ্ৰিয় ধাৰাভাষ্যকাৰ তথা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ এই বিশেষ সম্ভাষণে মুহূৰ্ততে উতলা কৰি তোলে ষ্টেডিয়ামৰ পৰিৱেশ।

টচৰ পূৰ্বে গুৱাহাটীক সম্ভাষণ জনাই ৰবি শাস্ত্ৰীয়ে প্ৰথমে কয়—‘জয় আই অসম’। শাস্ত্ৰীৰ মুখত এইষাৰ শুনাৰ লগে লগে হৰ্ষোল্লাসত মুখৰিত হৈ পৰে বৰ্ষাপাৰা ষ্টেডিয়াম।

কিন্তু ইয়াৰ পিছতেই শাস্ত্ৰীয়ে কৰা এটা কথাই সকলোকে আচৰিত কৰি তোলে। ‘জয় আই অসম’ৰ পিছতে তেওঁৰ মুখত শুনিবলৈ পোৱা গ’ল—‘জয় জুবিন’।

অসমীয়াৰ আৱেগৰ সৈতে গভীৰভাৱে জড়িত ‘জয় আই অসম’ৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অসমৰ মানুহৰ আৱেগকো যেন সন্মান জনালে ৰবি শাস্ত্ৰীয়ে।

শাস্ত্ৰীৰ মুখত ‘জয় জুবিন’ শুনাৰ লগে লগে ষ্টেডিয়ামত পুনৰ সৃষ্টি হয় উচ্ছ্বাসৰ পৰিৱেশ। এই বিশেষ মুহূৰ্তৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।

অসমৰ মাটিত ক্ৰিকেটৰ উত্তেজনাৰ মাজতে ৰবি শাস্ত্ৰীৰ এই দুটা শব্দই অনুৰাগীৰ মাজত সৃষ্টি কৰিছে এক বিশেষ আবেগিক মুহূৰ্ত।

You might also like
Leave A Reply

Your email address will not be published.