আৰক্ষীৰ জালত আৰক্ষী

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

গৰুৰ চোৰাং চিণ্ডিকেট চক্ৰৰে জড়িত থকাৰ অপৰাধত আটক ধুবুৰীৰ অসম আৰক্ষীৰ সীমান্ত শাখাৰ DSP যতিন দাসক। অভিযোগ মতে চাগলীয়া সীমান্ত আৰক্ষী চকীত প্ৰতিখন গৰুৰ ট্ৰাকৰ পৰা উপ আৰক্ষী অধীক্ষক জনে ৫০ হেজাৰ টকাকৈ গুণ্ডাটেক্স সংগ্ৰহ কৰিছিল।
ধৃত উপ আৰক্ষী অধীক্ষক জনৰ সৈতে আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত থকা ৰফিকুল পাৰামানিক ওৰফে অপি নামৰ এটা গৰুৰ চোৰাং ব্যৱসায়ীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আটকাধীন DSP জনৰ লগতে চোৰাং ব্যৱসায়ীটোৰ ঘৰত যোৱানিশা আৰক্ষীয়ে তালাচী চলাই নগদ ৪ লাখ ৭৭ হেজাৰ টকা উদ্ধাৰ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.