অশালীন শব্দ ক’লেই শাস্তি মৃত্যুদণ্ড!

নিউজ ডেস্ক-

আপুনি পিন্ধিব নোৱাৰিব জিন্স, চাব নোৱাৰিব বিদেশী চিনেমা, অশালীন শব্দ ক’লেই মৃত্যুদণ্ডৰে দণ্ডিত হ’ব আপুনি।এই কঠোৰ হুংকাৰ উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ৷ কঠোৰতম সিদ্ধান্ত গ্রহণৰ বাবেই বিশ্বজুৰি চর্চিত এই কিম জং–উন৷ উত্তৰ কোৰিয়াৰ একছত্রী ৰজা কিমে উত্তৰ কোৰিয়াক বিদেশী ৰাষ্ট্রৰ প্রভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ নতুন আইন বলৱৎ কৰিছে৷ নতুন আইন অনুসৰি বিদেশী চলচ্চিত্র বা বিদেশৰ সৈতে সম্পর্কিত যিকোনো ছবি, জিন্স পিন্ধা আৰু অশালীন শব্দ প্রয়োগ কৰাসকলক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ব৷ কিম জং–উনৰ নতুন আইন অনুসৰি নিষেধাজ্ঞা ভংগ কৰিলে ধৰা পৰা ব্যক্তিজনৰ মুৰব্বীক শাস্তি দিয়া হ’ব৷ যদি কোনো শ্রমিক অথবা কর্মচাৰীয়ে এই আইনৰ নিষেধাজ্ঞা ভংগ কৰে, তেতিয়াহ’লে কাৰখানা–উদ্যোগৰ মুৰব্বীক শাস্তি দিয়া হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.