অনিশ্চয়তাত বেইজিং শীতকালীন অলিম্পিক !

অনিশ্চয়তাত চীনৰ বেইজিং শীতকালীন অলিম্পিক। জানিব পৰা মতে, বেইজিং শীতকালীন অলিম্পিক খেলত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰায় ৫০ জন বিদেশী খেলুৱৈ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। ১২ খন দেশৰ ৫৩ জন খেলুৱৈ আৰু ৰাছিয়ান অলিম্পিক কমিটি কোভিড-১৯ ত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। লগতে তেওঁলোকৰ নজন খেলত অংশগ্ৰহণ কৰাৰ সুযোগৰ পৰা বঞ্চিত হৈছে। ২০ জনতকৈও অধিক খেলুৱৈক ৰখা হৈছে হোম আইছ’লেচনত । অবশ্যে কমেও ২৪ ঘণ্টাৰ ভিতৰত একেৰাহে দুটা পিচিআৰ পৰীক্ষাৰ ফলাফল নিগেটিভ থাকিলে খেলুৱৈ সকলক হোম আইছ’লেচনত পৰা অব্যাহতি দিয়া হ’ব।

ইপিনে ২০২২ চনত বেইজিং শীতকালীন অলিম্পিকৰ বাবে দেশখনক কোভিড মুক্ত কৰাৰ বাবে চীনে কৰিব লগা হৈছে যথেষ্ঠ সংগ্ৰাম। কঠোৰ প্ৰটোকল স্বত্বেও, চীনৰ কিছুমান অঞ্চলত দৈনিক নতুন কোভিডত আক্ৰন্তৰ ঘটনা সংঘটিত হৈ আছে।

You might also like
Leave A Reply

Your email address will not be published.