আজিৰ কেবিনেটৰ সিদ্ধান্ত

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ৰাজ্য চৰকাৰৰ চতুৰ্থখন কেবিনেটৰ সিদ্ধান্ত-

????১২ জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিবেশন।
????মেট্ৰিক, HS পৰীক্ষাক লৈ বিশেষ সিন্ধান্ত। আজি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব HSLC, HS পৰীক্ষা সম্পৰ্কত। শিক্ষাৰ্থীক সাজু হ’বলৈ আহ্বান শিক্ষামন্ত্ৰীৰ।
????প্ৰতিবছৰে অসম দিৱসত একোজনকৈ ব্যক্তিক প্ৰদান কৰা হ’ব অসম ৰত্ন। অসম ৰত্ন বঁটাত থাকিব ৫ লাখ টকা । অসম বিভূষন প্ৰদান কৰা হ’ব তিনি গৰাকীকৈ ব্যক্তিক। পাঁচগৰাকীক প্ৰদান কৰা হ’ব অসম ভূষণ। অসমশ্ৰী বঁটা প্ৰদান কৰা হ’ব ১০ গৰাকী ব্যক্তিক। অসম বিভূষণত ৩ লাখ, অসম ভূষণত ২ লাখ আৰু অসমশ্ৰী বঁটাত প্ৰদান কৰা হ’ব ১ লাখকৈ টকা।
???? সাহিত্য বঁটা আৰু সাহিত্যক পেঞ্চনসমূহ ১৫ আগষ্টৰ পৰিৱৰ্তে এতিয়াৰে পৰা হোমেন বৰগোহাঞিৰ জন্মদিন, ৭ আগষ্টত প্ৰদান কৰা হ’ব। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্তেম্বৰত প্ৰদান কৰা হ’ব ক্ৰীড়া বঁটা সমূহ। শিল্পী দিৱসত প্ৰদান কৰা হ’ব সাংস্কৃতিক বঁটা সমূহ।
???? ছিণ্ডিকেট নাইকীয়া কৰাৰ বাবে চৰকাৰ সাজু। আজিৰে পৰা ছাগলীয়া গেটেৰে নিষিদ্ধ কয়লা ট্ৰাক। অভাৰলোড ট্ৰাক সন্দৰ্ভত কেতবোৰ নীতি জাৰি কৰা হৈছে। বৰাকৰ দীঘৰখাল শ্ৰীৰামপুৰত জোখ-মাখ কৰা হ’ব কয়লা ট্ৰাকৰ। অভাৰলোড কয়লা থাকিলে গ্ৰহণ কৰা হ’ব বিহিত ব্যৱস্থা। ৩১ মাৰ্চলৈকে বাহাল থাকিব এই নিৰ্দেশনা।
????বানপানী সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষনা। সম্পূৰ্ণ বান সাহায্যৰ কৰ্তৃত্ব ন্যস্ত থাকিব জিলা উপায়ুক্তৰ হাতত। দুৰ্যোগত ক্ষয়- ক্ষতি হ’লে তাৎক্ষনিকভাৱে হ’ব লাগিব পুনৰনিৰ্মাণ।

You might also like
Leave A Reply

Your email address will not be published.