ক’ভিড কালত তৰালীৰ মনোগ্ৰাহী বক্তৃতা

নিউজ ডেস্ক-

বিশ্ব সংবাদ কেন্দ্ৰ, অসম দ্বাৰা আয়োজিত ‘ইতিবাচক অন্বেষণ, এক ব্যাখ্যান শৃংখল’ শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰে গায়িকা তৰালি শৰ্মাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তৰালি শৰ্মাই এক হৃদয়স্পৰ্শী বক্তৃতা আগবঢ়াই। তৰালি শৰ্মাই কয় যে ‘অত্যন্ত চিন্তা,ভয়,দুখ,হতাশা আদিয়ে মানুহৰ মন অস্থিৰ কৰি তোলে। এই অস্থিৰ মনক পাতল কৰা,মৰমেৰে ভৰাই তোলা আমাৰ নিজৰে কৰ্তব্য। সুখী হ’বলৈ অকণমান চেষ্টা কৰিব লাগিব।‘ এই সময়চোৱাত গান শুনাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰি তেওঁ কয় যে ‘এই সময় গান শুনাৰ সময়। সংগীত দেহত লগাই লোৱাৰ সময়। সংগীতে আনিব মনৰ প্ৰশান্তি। যিবোৰ গানে আমাৰ মন চুই যায় তেনে গান শুনিলে আমাৰ মনটো ভাল লাগি থাকিব। ’

You might also like
Leave A Reply

Your email address will not be published.