বক্সাৰ ডিংকো সিং আৰু নাই

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

স্বৰ্ণজয়ী ভাৰতীয় বক্সাৰ ডিংকো সিং আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দি অবশেষত মৃত্যুৰ সৈতে হাৰ মানিলে দেশৰ অদম্য বক্সাৰ গৰাকীয়ে।বিগত বছৰত ক’ভিডতো আক্ৰান্ত হৈছিল ডিংকো।

১৯৯৮ চনত বেংকক এছিয়ান গেমছত স্বৰ্ণপদক বিজয়ী বক্সাৰ গৰাকীক ‘পদ্মশ্ৰী’ আৰু ‘অৰ্জ্জুন’ বঁটাৰেও বিভূষিত কৰা হৈছিল। বিশ্ব প্ৰসিদ্ধ বক্সাৰ গৰাকীৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশৰ ক্ৰীড়াজগত। ।

You might also like
Leave A Reply

Your email address will not be published.