ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত
তিনিচুকীয়া জিলাৰ লিডু অন্ঞ্চলৰ বিশিষ্ট শিক্ষক সদ্যপ্ৰয়াত ৰবীন শৰ্মাৰ স্মৃতিচাৰণ অনুষ্ঠান আজি লিডু শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হয়। অনুষ্ঠানত লিডু শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত মাধৱ দয়াল দত্তৰ দ্বাৰা সম্পাদিত ৰবীন শৰ্মা ব্যক্তি আৰু ব্যক্তিত্ব শীৰ্ষক স্মৃতিগ্ৰন্থ এখনি উন্মোচন কৰা হয়।সদ্যপ্ৰয়াত ৰবীন শৰ্মাৰ কণ্যা তথা লিডু কলেজৰ প্ৰবক্তা জাহ্নৱী শৰ্মাই শিক্ষাবিদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলনেৰে স্মৃতিচাৰণ অনুষ্ঠানৰ আৰম্ভ কৰে । লিডুৰ শামুজান গাঁৱৰ বাসগৃহত অনুষ্ঠিত কৰা এই স্মৃতিচাৰণ অনুষ্ঠানত ড° দিপালী বৰপুজাৰী, সাধন গগৈ, লক্ষীনাথ হালৱা, চুফাতি পমুং, ড° পবিত্ৰ গগৈ, প্ৰবীৰজোতি বৰা, তপন দে, মাধৱ দয়াল দত্ত, পূৰ্ণিমা নেওগ, মামনি শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। লিডু শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সোমেশ্বৰ নেওগ, সাধন গগৈ, লক্ষীনাথ হালৱা, চুফাতি পমুং, হেমন্ত গগৈ, সীমান্তমাধৱ কটকী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সত্তৰৰ দশকৰ পৰা সমাজগঠনৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা ১ জুনত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰা ৰবীন শৰ্মাৰ জীৱন কৃতিৰ আভাস দিয়ে ।শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানত অতিথি সকলে লিডু শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত মাধৱ দয়াল দত্তৰ দ্বাৰা সম্পাদিত ৰবীন শৰ্মা ব্যক্তি আৰু ব্যক্তিত্ব নামৰ স্মাৰকগ্ৰন্থ খন উন্মোচন কৰে ।