আজি ২৯ এপ্ৰিল

➡️আজিৰ দিনটো আন্তৰ্জাতিক নৃত্য দিৱস হিচাপে পালন কৰা হয়।
➡️১২৩৬ চনৰ এই দিনটোতে দিল্লীৰ দাসবংশীয় চুলতান ইলতুৎমিছৰ (সম্পূৰ্ণ নাম ছামছুদ্দিন ইলতুৎমিছ) মৃত্যু হৈছিল।
➡️১৬৩৯ চনৰ আজিৰ দিনটোতে দিল্লীত লালকিল্লাৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল। ১৬৪৮ চনৰ ১৩ মে’ত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়।
➡️১৮৪৮ চনৰ এই দিনটোতে ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী ৰাজা ৰবি বাৰ্মাৰ জন্ম হৈছিল।
➡️১৮৫২ চনৰ ২৯ এপ্ৰিল তাৰিখে বিশ্বৰ প্ৰসিদ্ধ সমাৰ্থকোষ ‘ৰজেটছ থিছ’ৰাছ’ৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ হৈছিল।
➡️১৮৫৬ চনৰ আজিৰ দিনটোতে ক্ৰিমিয়াৰ যুদ্ধৰ সামৰণি পৰিছিল। ১৮৫৪ চনত ইংলেণ্ড, ফ্ৰান্স আৰু তুৰস্কই যুটীয়াভাৱে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইতিহাসত এই যুদ্ধ ‘ক্ৰিমিয়াৰ যুদ্ধ’ নামে প্ৰখ্যাত।
➡️ ১৯৩৬ চনৰ এই দিনটোতে ভাৰতীয় সংগীত শিল্পী জুবিন মেহতাৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ ২৯ এপ্ৰিল তাৰিখে প্ৰকয়িনী ইভা ব্ৰাউনৰ লগত আডলফ হিটলাৰৰ বিবাহ হৈছিল। উল্লেখ্য যে বিয়াৰ পিছদিনাই ইভা ব্ৰাউনক লৈ হিটলাৰে আত্মহত্যা কৰে।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে টেনিছ খেলুৱৈ আন্দ্ৰে আগাছীৰ জন্ম হৈছিল।
➡️১৯৯১ চনৰ এই দিনটোতে জৰ্জিয়াত ভূমিকম্পত ১০০ জন লোক নিহত হৈছিল।
➡️১৯৯৯ চনৰ ২৯ এপ্ৰিল তাৰিখে মাৰাঠী মঞ্চ আৰু হিন্দী চলচ্চিত্ৰ জগতৰ লগতে সৰু পৰ্দাৰ প্ৰসিদ্ধ অভিনেতা মোহন গোখলেৰ (মিষ্টাৰ যোগী ৰূপে খ্যাত) মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.