আজি ২ ছেপ্টেম্বৰ

➡️১৫৭৩ মোগল সম্রাট আকবৰৰ গুজৰাট দখল।

➡️১৬৭৫ খ্যাতনামা ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম।

➡️১৯৪৫ হো-চি-মিনৰ দ্বাৰা ভিয়েটনামৰ স্বাধীনতাৰ ঘোষণা-পত্র প্রকাশ।

➡️১৯৪৫ জাপানৰ শান্তিৰ প্ৰস্তাৱ আৰু বিনাচতে আত্মসমর্পণ পত্রত – স্বাক্ষৰ দান। ইয়াৰ পিছতেই দ্বিতীয় মহাসমৰৰ সামৰণি পৰে।

➡️১৯৪৬ ব্ৰিটিছ চৰকাৰৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰস্তুতি পৰ্বৰ অংশ ৰূপে জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ অন্তৰ্বর্তীকালীন জাতীয় চৰকাৰ প্ৰতিষ্ঠা। এই চৰকাৰৰ মন্ত্ৰী পৰিষদত আছিল লিয়াকৎ আলী খাঁ, ৰাজেন্দ্ৰ প্ৰসাদ, বাবু জগজীৱন ৰাম প্ৰমুখ্যে জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দ।

➡️১৯৭০ কন্যাকুমাৰীত ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ দ্বাৰা প্ৰসিদ্ধ বিবেকানন্দ স্মৃতি স্তম্ভৰ উদ্‌ঘাটন।

➡️১৯৭৬ জ্ঞানপীঠ বঁটা বিজয়ী মাৰাঠী সাহিত্যিক ভি এছ খাণ্ডেকৰৰ মৃত্যু।

➡️১৯৮১ পৃথিৱীৰ দ্রুতবেগী ৰে’লসেৱা টিজিভিৰ (TGV) প্ৰচলন।

➡️২০০৩ চীনৰ দক্ষিণ-পশ্চিম প্রান্তত প্রবল ভূমিকম্প, প্রাবল্য ৫.৯। বিস্তৰ ক্ষয়-ক্ষতি।

➡️২০০৪ বিশিষ্ট নাট্যকাৰ ভবেন বৰুৱাৰ ৬১ বছৰ বয়সত মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.