ASSAM | The CM has taken tough steps in the investigation into the death of Himashree Boro : হিমাশ্ৰী বড়োৰ মৃ/ত্যুৰ তদন্তত কঠোৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ

হিমাশ্ৰী বড়োৰ মৃ/ত্যুৰ তদন্তত কঠোৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১২ অক্টোবৰঃ  অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা হিমাশ্ৰী বড়োৰ মৃ/ত্যুৰ তদন্তৰ বাবে কঠোৰ নীতি গ্ৰহণ কৰিছে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটীৰ চপাইদঙত থকা বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোৰ খবৰ লয়।

ASSAM | The CM has taken tough steps in the investigation into the death of Himashree Boro : হিমাশ্ৰী বড়োৰ মৃ/ত্যুৰ তদন্তত কঠোৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ
ইয়াৰ পিছতে সংবাদ মাধ্য়মৰে হোৱা বাৰ্তালাপত মুখ্য়মন্ত্ৰী ড০ শৰ্মাই সদৰি কয় যে হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃ/ত্যুক লৈ পৰিয়াল বা ৰাইজৰ সন্দেহ আছে। হিমাশ্ৰীৰ মৃ/ত্যুৰ তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ আইজিপিক অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অনুৰোধ জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে।

হিমাশ্ৰীৰ দুখীয়া পৰিয়ালটোক চৰকাৰে যি ধৰণে পাৰে সহায় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্য়মন্ত্ৰীয়ে। হিমাশ্ৰীৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে সম্ভৱপৰ সকলোখিনি চৰকাৰে কৰিব বুলিও কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

You might also like
Leave A Reply

Your email address will not be published.