গুৱাহাটী, ১৫ অক্টোবৰঃ বানপীড়িত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত ১৩ দিন ধৰি চলোৱা অৱস্থান ধৰ্মঘট বৃহস্পতিবাৰে প্ৰত্যাহাৰ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। মন্ত্ৰী কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাই প্ৰতিবাদস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবীসমূহৰ প্ৰতি সন্মতি প্ৰকাশ কৰা বুলি জনোৱাৰ পিছতে তেওঁ এই সিদ্ধান্ত লয়।
শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ দাবী জনাইছিল গগৈয়ে। চৰকাৰে ৰাইজৰ দলৰ তালিকাত থকা ৩,০৬৮টা পৰিয়ালক এই সাহায্য দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ বাবে ৪.৬০ কোটি টকাতকৈ অধিক ব্যয় হ’ব।
বানৰ কাৰণ অনুসন্ধানৰ বাবে উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰা হ’ব বুলিও মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে। আনহাতে, অতিৰিক্ত ১০ হাজাৰ টকাৰ সাহায্যৰ দাবীত নতুনকৈ সমীক্ষা চলোৱাৰ পিছত সিদ্ধান্ত লোৱা হ’ব।
চৰকাৰৰ আশ্বাসৰ পিছতে ২ অক্টোবৰৰ পৰা চলাই অহা প্ৰতিবাদৰ সামৰণি ঘটায় অখিল গগৈয়ে।