গুৱাহাটী, ১৫ অক্টোবৰঃ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক আদালতলৈ নিয়াৰ পথত পুনৰ সাংবাদিকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে তেওঁৰ অধিবক্তাৰ বিৰুদ্ধে। সুৰক্ষা দিয়াৰ নামত অধিবক্তাগৰাকীয়ে সাংবাদিকৰ সৈতে এনে আচৰণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আজি দ্বিতীয় দিনৰ বাবে আদালতত হাজিৰ কৰোৱা হয় অমৃতপ্ৰভাক। উল্লেখ্য যে, কালি আদালতলৈ নিয়াৰ সময়তো অমৃতপ্ৰভাৰ অধিবক্তাই সাংবাদিকৰ সৈতে অভৱ্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তৰ হৈ ওকালতি কৰা একাংশ অসমীয়া অধিবক্তাই বাৰে বাৰে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।