গুৱাহাটীঃ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়ৰ পিছতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনন্দোৎসৱ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ফটকা ফুটাই আৰু মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে।
মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ নিৰ্বাচন বিজেপিৰ বাবে আৱেগিক বুলি উল্লেখ কৰি কয় যে এই ফলাফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত নগঞা ৰাইজৰ বিশ্বাসৰ প্ৰতিফলন। নগাঁৱৰ ফলাফলে বিজেপিক দুগুণ উৎসাহিত কৰা বুলিও তেওঁ মন্তব্য কৰে।
ইফালে, নিৰ্বাচনী ফলাফলক লৈ কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নগাঁৱৰ ফলাফলে ৰাহুল গান্ধীলৈ ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰা বুলি মন্তব্য কৰাৰ লগতে গৌৰৱ গগৈৰ বাবেও এই ফলাফল লজ্জাজনক বুলি অভিহিত কৰে। সংখ্যালঘু ভোটাৰসকলক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ দাবী কৰে যে কংগ্ৰেছ আৰু এআইইউডিএফ একেলগে থাকিলেও বিজেপিয়ে জয়লাভ কৰিলেহেঁতেন।
মুখ্যমন্ত্ৰীয়ে ধিং, ৰূপহী আৰু লাহৰিঘাটত উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি প্ৰকাশ কৰে।
নগাঁৱৰ নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি বিজেপি শিবিৰত উৎসাহৰ পৰিৱেশৰ বিপৰীতে বিৰোধী দলসমূহৰ ৰাজনৈতিক কৌশলক লৈও নতুন চৰ্চাৰ সৃষ্টি হৈছে।
