আজি ৩ ছেপ্টেম্বৰ

আজি অভিৰুচি ক্রীড়া দিবস।

আজি ৩ ছেপ্টেম্বৰ

১৭৮৩ পেৰিছত গ্রেট ব্রিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত, ইতিহাসত ই ‘পেৰিছ চুক্তি’ নামেৰে প্রসিদ্ধ।

১৮১৪ আন্তর্জাতিক খ্যাতিসম্পন্ন গণিতজ্ঞ জেমুছ যোছেফ ছিলভেষ্টাৰৰ জন্ম। ১৮৬৬ কার্ল মার্ক্সৰ নেতৃত্বত জেনেভাত আন্তর্জাতিক শ্রমজীৱী সংঘৰ প্রথম কংগ্রেছ অনুষ্ঠিত।

 

১৯০৫ বিশিষ্ট স্বাধীনতা সংগ্রামী তথা জাতীয়তাবাদী নেতা কমলাপতি ত্রিপাঠীৰ জন্ম।

 

১৯৩৬ ব্ৰুছেল্ছত বিশ্ব শান্তি সন্মিলন।

 

১৯৬৯ ভিয়েটনাম বিপ্লবৰ নেতা হো-চি-মিনৰ মৃত্যু। প্রকৃততে হো-চি-মিনৰ মৃত্যু হয় ২ ছেপ্টেম্বৰত। কিন্তু ২ ছেপ্টেম্বৰ ভিয়েটনামৰ ৰাষ্ট্ৰীয় দিৱস হোৱাত হো-চি- মিনৰ মৃত্যু খবৰ এদিন পিছতহে ঘোষণা কৰা হয়।

 

১৯৯৮ অসমৰ আইনমন্ত্রী সুবেন্দ্র নাথ মেধিৰ মৃত্যু।

 

১৯৯৮ ছুইজাৰলেণ্ডত বিমান দুর্ঘটনা, ২২৯জনৰ মৃত্যু।

 

১৯৯৯ শিল্পী ধীৰু ভূঞাৰ দেহাবসান।

 

২০০২ অজান কাৰণত কলকাতাৰ হাস্পতালত ১৯টি শিশুৰ মৃত্যু।

 

২০০৪ যোৰহাটৰ ওচৰত সংঘটিত এক পথ দূর্ঘটনাত প্রতিভাৱান চিত্রগ্রহণকাৰী মৃণাল কান্তি দাসৰ মৃত্যু।

 

১৯৩৭ উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমগৰাকী অর্জুন বঁটা বিজয়ী, দৌৰবিদ ভোগেশ্বৰ বৰুৱাব জন্ম। ভোগেশ্বাৰ বৰুৱাই ১৯৬৬ চনত বেংকক এছিয়াডৰ ৮০০ মিটাৰ দৌৰত সোণৰ  পদক লাভ কৰিছিল। ১৯৬৬ চনত তেওঁ লাভ কৰে অর্জুন বঁটা।

You might also like
Leave A Reply

Your email address will not be published.